ETV Bharat / state

হাতী মানুহৰ ভয়াৱহ সংঘাতৰ শিহৰণকাৰী দৃশ্য

author img

By

Published : Jul 17, 2020, 2:58 PM IST

বানৰ ফলত দিকবিদিক হেৰুৱাই খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰিছে নুমলীগড় চাহ বাগিচাত ৷

Man and Elephant conflict at Golagahat
ইটিভি ভাৰতৰ কেমেৰাত বন্দী হাতী মানুহৰ ভয়াৱহ সংঘাতৰ শিহৰণকাৰী দৃশ্য

গোলাঘাট, 17 জুলাই: গোলাঘাট জিলাত অব্যাহত হাতী মানুহৰ ভয়াৱহ সংঘাত ৷ বৰ্তমান সময়ত কাজিৰঙাত হোৱা বানৰ বাবে খাদ্য সংকটত পৰি জনাঞ্চললৈ ওলাই আহিছে বৃহৎ হাতীৰ জাক ৷ শুকুৰবাৰে গোলাঘাট জিলাৰ নুমলীগড়ত দেখা গ'ল জাক জাক বন্য হস্তীৰ মুক্ত বিচৰণ। পোৱালীসহ এটা ৫০-৬০ জনীয়া হাতীৰ জাকে অৱস্থান কৰিছে নুমলীগড় চাহ বাগিচাত ৷ বানৰ ফলত দিকবিদিক হেৰুৱাই খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকেটোৱে ত্ৰাসৰ সৃষ্টি কৰিছে বাগিচাখনত। আনকি বন্য হস্তীৰ জাকটোৱে মানুহলৈ চোঁচা লোৱা লোৱা ভয়ংকৰ দৃশ্য বন্দী হ'ল ইটিভি ভাৰতৰ কেমেৰাত ৷

ইটিভি ভাৰতৰ কেমেৰাত বন্দী হাতী মানুহৰ ভয়াৱহ সংঘাতৰ শিহৰণকাৰী দৃশ্য

হাতীৰ জাকটোক যিমানেই বাগিচাৰ লোকসকলে খেদি পঠিয়াবলৈ চেষ্টা কৰিছে সিমানেই উভতি চোঁচা লৈ খেদিছে মানুহৰ দিশে ৷ বাগিচাখনত কথমপি প্ৰাণ ৰক্ষা পৰিছে হাতী খেদিবলৈ যোৱা এটা যুৱকৰ দলৰ ৷ এইধৰণৰ কাৰ্যৰ ফলত যি কোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়াৱহ ঘটনা ৷ নিৰ্বিকাৰ বন বিভাগ ৷

লগতে পঢ়কঃ মালবাহী ৰেলে মহতিয়ালে টাটা মেজিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.