ETV Bharat / state

Massive Erosion of Dhansiri: ধনশিৰিৰ প্ৰৱল খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ

author img

By

Published : Oct 27, 2022, 9:17 PM IST

Massive Erosion of Dhansiri
ধনশিৰীৰ প্ৰৱল খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ

দীপাৱলীৰ আনন্দ-উলাহৰ মাজতেই দলগাঁও সমষ্টিটোৰ‌ মাজেদি বৈ যোৱা ধনশিৰি নৈৰ প্ৰৱল খহনীয়াই (Heavy erosion of Dhansiri river )সৰ্বস্বান্ত কৰিছে নৈপৰীয়া ৰাইজক । চকুৰ সন্মুখতে আপোন ঘৰখন নৈৰ বুকুত বিলীন হোৱাত দিকবিদিক হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজে ।

দলগাঁও, ২৭ অক্টোবৰ:বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ এইবাৰ আকৌ আহিনৰ বান আৰু খহনীয়াত দিশহাৰা হৈছে দৰঙৰ নৈপৰীয়া ৰাইজ ।

পোহৰৰ উৎসব দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতেই দলগাঁও সমষ্টিটোৰ‌ মাজেদি বৈ যোৱা ধনশিৰি নৈৰ প্ৰৱল খহনীয়াই (Heavy erosion of Dhansiri river )সৰ্বস্বান্ত কৰিছে নৈপৰীয়া কেইবাটাও পৰিয়ালক । উল্লেখ্য় যে বিগত তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দৰঙৰ দলগাঁও (Terrible erosion at Dalgaon in darrang) ৰাজহ চক্ৰৰ অন্তৰ্গত আৰিমাৰী গাঁও পঞ্চা‌য়তৰ‌ খেৰনী চাপৰিৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ প্ৰৱল খহনীয়াৰ কবলত পৰিছে গাঁওখনৰ শ শ বিঘা কৃষি ভূমি ,ঘৰৰ ভেটি আদি ।

চকুৰ সন্মুখতে নিজে সজা আপোন ঘৰখন নৈৰ বুকুত বিলীন হোৱাত দিকবিদিক হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজে । ইতিমধ্যে নৈৰখনৰ গৰাখহনীয়াৰ ফলত ১০০ বিঘাৰো অধিক কৃষি ভূমিৰ লগতে বহু পৰিয়ালৰ সপোনৰ ঘৰবাৰী জাহ গৈছে নৈখনত ।

ধনশিৰীৰ প্ৰৱল খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ

অচিৰেই বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে কৃষি ভূমি আৰু বহু পৰিয়ালৰ গৃহ নৈখনত জাহ যোৱাৰ সম্ভাৱনাই দেখা দিছে । গাঁওখনৰ সচেতন ৰাইজে শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক (MLA Mojibur Rahman) ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

ইয়াৰ পূৰ্বেও নদীৰ বুকুত যাহ গৈছে শ শ বিঘা কৃষিভূমি । নৈৰ বুকুত সপোনৰ ঘৰখন জাহ যোৱাত হাহাকাৰ লাগিছে ৰাইজৰ । গৰাখহনীয়াৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ বিচাৰি নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি সুৰক্ষিত ঠাইলৈ ঢাপলি মেলিছে । অতি সোনকালে ধনশিৰী নৈৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।

লগতে পঢ়ক:Hojai flood alert : পুনৰ বানৰ আশংকাত ভুগিছে কপিলীপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.