ETV Bharat / state

গৰুখুটিৰ বেদখল চলোৱাৰ কথা নিজেই কৰিলে স্বীকাৰ বেদখলকাৰীয়ে

author img

By

Published : Nov 13, 2021, 8:05 PM IST

encroachers admitted about  illegal acquisition of land in garukhuti
গৰুখুটিৰ বেদখল চলোৱাৰ কথা নিজেই কৰিলে স্বীকাৰ বেদখলকাৰীয়ে

মুখ্যমন্ত্ৰীৰ কথাক সত্য প্ৰমানিত কৰি গৰুখুটিৰ বেদখলকাৰীৰ ভয়ংকৰ স্বীকাৰোক্তি ৷ বেদখলকাৰীয়ে নিজেই ক’লে, তেওঁলোক স্থানীয় লোক নহয় ৷ বাঘবৰ, জনীয়া, পূব গোৱালপাৰা আৰু দলগাঁৱৰৰ পৰা অহা একাংশইহে বেদখল কৰি আছিল গৰুখুটিৰ মাটি ৷

দৰং, 13 নবেম্বৰ : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি অঞ্চলৰ ৭৭,০০০ বিঘা বেদখলকাৰীৰ দখলত থকা ভূমিত উচ্ছেদৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা ২ ছেপ্টেম্বৰত হোৱা উচ্ছেদৰ সময়ত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত উচ্ছেদ সাময়িকভাৱে বন্ধ আছিল যদিও পুনৰ উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে এই সমগ্ৰ অঞ্চলত । পিছে এইবাৰ এই খবৰ লাভ কৰিয়েই একাংশ বেদখলকাৰীয়ে নিজে নিজে ঘৰ বাৰী ভাঙি আঁতৰি যোৱা পৰিলক্ষিত হৈছে ।

মুখ্যমন্ত্ৰীৰ আহ্বান আৰু নৱনিযুক্ত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মা আৰু নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই দিয়া বুজনিৰ পিছতে ১ নং ধলপুৰ খণ্ডৰ লোক সকল আঁতৰি গৈছে । এই সম্পৰ্কে দক্ষ ৰাজহ চক্ৰ বিষয়াজনে ইটিভি ভাৰতৰ আগত কয় যে, যোৱা তিনিদিন ধৰি ১ নং খণ্ডৰ পৰা প্ৰায় ৭০ ঘৰ পৰিয়াল উঠি গৈছে । আনহাতে, আৰু প্ৰায় ১০০ পৰিয়াল আছে যদিও তেওঁলোকে নিজে নিজে যাবলৈ বিচাৰিছে । যিহেতু এই সমূহ চৰকাৰী ভূমি, ইয়াত কোনো অবৈধ বেদখলকাৰী থাকিবলৈ দিয়া নহ’ব বুলিও তেওঁ কয় ।

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটি কৃষি প্ৰকল্প যিকোনো প্ৰকাৰে সফল কৰা হ’বই বুলিও তেওঁ কয় । আনহাতে, ছিপাঝাৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই প্ৰতি মূহুৰ্ততে ধলপুৰত উপস্থিত হৈ আইন শৃংখলাৰ তদাৰক কৰিছে । আৰক্ষী বিষয়া বৰুৱাই কয় যে, অবৈধ বেদখলকাৰী সকলে পৰিস্থিতি বুজি নিজে নিজে আঁতৰি যাবলৈ সিদ্ধান্ত লোৱাটো আশাৰ বতৰা ।

ইফালে, গৰুখুটিৰ বেদখল সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কোৱা কথা সত্য প্ৰমাণিত হৈছে । গৰুখুটিৰ বেদখলকাৰীয়েই নিজেই স্বীকাৰ কৰিছে এই ভূমিত অবৈধ বেদখলৰ কৰাৰ কথা । উচ্ছেদিত লোক সকলে নিজেই জনাইছে যে প্ৰকৃততে তেওঁলোক গৰুখুটিৰ স্থায়ী বাসিন্দা নহয় ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোক গোৱালপাৰা, জনীয়া, বাঘবৰ আৰু দলগাঁৱৰ পৰা অহা লোকহে ।
টাটা ডিআই গাড়ীৰে সা সামগ্ৰী লৈ গোৱালপাৰা যাবলৈ ওলোৱা একাংশ লোকে নিজেই স্বিকাৰোক্তি দিয়ে যে, গোৱালপাৰাৰ পৰা ২০২১ চনত আহি অবৈধ বেদখল কৰি খেতি বাতি কৰি এতিয়া ওভতি যাবলৈ ওলাইছে তেওঁলোকৰ অধিকাংশ লোকে । গৰুখুটিত নাই ভোটৰ তালিকাত নাম, নাই পৰিয়াল তথা বংশৰ কোনো লোক । কেৱল ব্যৱসায়ীক মনেৰে ভূমি দখল কৰি চলাইছিল আগ্ৰাসন ।

সম্প্ৰতি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৱে । দৰং জিলা ছাত্র সংস্থাৰ উপদেষ্টা তথা আছুৰ বিত্তীয় সম্পাদক খনিন্দ ৰাজবংশী, সভাপতি পৰাগ চহৰীয়া আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাই অকল গৰুখুটিয়েই নহয়, দৰং জিলাৰ সমগ্ৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ হাজাৰ-হাজাৰ বিঘা খালি ভূমি সন্দেহ জনক লোক সকলে বেদখল কৰি থকা বুলি দাবী কৰে । উক্ত অবৈধ বেদখলকাৰী সকলকো একেদৰে শীঘ্ৰেই উচ্ছেদ কৰিবলৈকো তেওঁলোকে চৰকাৰক দাবী জনাইছে ।
লগতে পঢ়ক : উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.