ETV Bharat / state

Crime in Mangaldoi: মঙলদৈত প্ৰতিদিনেই হৈছে চুৰিকাণ্ড; চূড়ান্তভাৱে ব্যৰ্থ আৰক্ষী

author img

By

Published : Aug 6, 2023, 9:00 PM IST

মঙলদৈত চাৰিমাহ ধৰি প্ৰায় প্ৰতিদিনেই হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ শনিবাৰে নিশা এটা চুবুৰীতে ১১ টা স্থানত চোৰৰ চাফাই অভিযান ৷ দিনে দিনে চহৰখনত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷

Crime in Mangaldoi
চাৰিমাহত প্ৰায় প্ৰতিদিনেই হৈছে চুৰিকাণ্ডৰ ঘটনা

দৰং, 6 আগষ্ট : মঙলদৈত চাৰিমাহ ধৰি প্ৰায় প্ৰতিদিনেই হৈছে চুৰিকাণ্ড ৷ চুৰি কাৰ্য ৰোধত ব্যৰ্থ আৰক্ষী ৷ ভুক্তভোগী অধিকাংশ লোকেই আৰক্ষীক দিয়া নাই গোচৰ ৷ শনিবাৰে নিশা এটা চুবুৰীতে ১১ টা স্থানত চোৰৰ চাফাই অভিযান ৷

দিনে দিনে মঙলদৈ চহৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ কোনোবা দিনা যদি কাৰোবাৰ ঘৰত, কোনোবা দিনা আকৌ বিদ্যালয় বা নামঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ আনকি চহৰৰ মাজমজিয়াত মহিলাৰ ডিঙিৰ পৰাও কাঢ়ি নিছে অলংকাৰ ৷ শনিবাৰে নিশা চহৰখনৰ তৃতীয় কলনিত একেদিনাই ৯ ঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ প্ৰতিটো পৰিয়ালৰ ঘৰুৱা মন্দিৰত চোৰে চলালে লুট-পাত ৷ তদুপৰি এটা ৰাজহুৱা মন্দিৰ আৰু এখন দোকানতো হয় চুৰি ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে উপহুপাৰা তৃতীয় কলনীৰ শিৱ মন্দিৰৰ লগতে তিলক শইকীয়া নামৰ এজন আৰক্ষীৰ গৃহৰ লগতে একে চুবুৰীৰ শিক্ষক লক্ষণ ডেকা, অৱসৰী কৰ্মচাৰী মকুন্দ শৰ্মা কিশোৰ শৰ্মা, চৰকাৰী কৰ্মচাৰী অকন্তি ডেকা, শিক্ষক ফুলেশ্বৰ শইকীয়া আৰু অৱসৰী আৰক্ষী বিষয়া কনক বৰুৱাৰ ঘৰত চোৰে লুটি নিয়ে সকলো ৷

বিশেষকৈ চোৰে লক্ষ্য কৰি লয় ঘৰুৱা মন্দিৰসমূহ ৷ লক্ষণীয়ভাৱে একেলগে ৯ টা পৰিয়াল, ৰাজহুৱা মন্দিৰ আৰু দোকানত চুৰি হোৱাৰ পিচতো বিয়লিলৈ কোনো আৰক্ষীৰ লোক ঘটনা স্থলীলৈ নোযোৱা বুলি অভিযোগ কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৷

উল্লেখযোগ্য যে, মঙলদৈত হোৱা ধাৰাবাহিক চুৰিৰ পৰা হাত সাৰি যোৱা নাই আৰক্ষীৰ লোকৰ পৰা, প্ৰশাসনিক বিষয়া আৰু সাধাৰণ জনতা ৷ এক কথাত মঙলদৈত এতিয়া অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী ৷ চোৰৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰশীল জনতা ৷ সমগ্র চহৰখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত চোৰক লৈ আতংকময় পৰিৱেশ সৃষ্টি হৈছে ৷ কোনেও ঘৰ-বাৰী এৰি ক’লৈকো এখোজো দিব নোৱাৰে ৷ ঘৰত থকাৰ সময়তো নিৰ্বিঘ্নে চোৰে লুটি নিছে সকলো ৷ সেয়া আৰক্ষী বিষয়াৰে ঘৰ হওঁক নাইবা সাধাৰণ জনতাই হওঁক ৷ আনকি চহৰৰ মাজমজিয়াৰ ম’বাইলৰ দোকান, কাপোৰৰ দোকনতো সংঘটিত হৈ আহিছে চুৰিকাণ্ড ৷ যাক লৈ এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা ৷

যিটো সময়ত ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিছে সেই সময়তে মঙলদৈ থানাৰ অকৰ্মণ্যতাৰ বাবে চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ৷ মঙলদৈ নাগৰিক মঞ্চই এইক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক কঠোৰ হ'বলৈ দাবী জনাইছে ৷ শেহতীয়াকৈ মঙলদৈ চহৰৰ বামুণপাৰা বালক প্ৰাথমিক বিদ্যালয়ত খিৰিকী ভাঙি চোৰে বিদ্যালয়খনৰ পৰা সকলো লুটি লৈ যায় ৷

সেইদৰে মঙলদৈ থানাৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বৰ চহৰৰ মাজমিজিয়াৰ স্বপ্না ট্ৰেডিং নামৰ ম’বাইলৰ দোকানখনৰ পৰা চোৰে ১২ লাখ টকাৰ ম’বাইলসহ নগদ ১ লাখ টকা লুটি লৈ যায় ৷ ২২ জুলাইত ২ নং ৱাৰ্ডৰ শুকুৰ আলিৰ এ এছ ২৭ চি ১৭৬৩ নম্বৰৰ টাটা ডিআইখন চোৰে পদূলীৰ পৰাই লৈ যায় ৷ একেদৰে ৮ মে’ৰ নিশা জলজলী হাইস্কুলৰ পৰা কম্পিউটাৰসহ সকলো সামগ্ৰী চোৰে লৈ যায় ৷

চহৰৰ গাতে লাগি থকা প্ৰফুল্ল নগৰৰ আৰক্ষী বিষয়া অংকন ৰাজবংশীৰ ঘৰত দিন দুপৰতে চোৰে চাফাই অভিযান চলায় ৷ এয়া মাঁথো কেইটামান উদাহৰণহে ৷ এইদৰে চহৰখনত প্ৰতিদিনে হৈছে চুৰিকাণ্ড ৷ তাৰোপৰি চহৰৰ মাজমজিয়াৰে কোনো মহিলাই আ-অলংকাৰ পিন্ধি অহা-যোৱা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ যোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷

১৫ মে’ তাৰিখে জলসিঞ্চন বিভাগৰ মহিলা কৰ্মচাৰী অৰ্চনা বৰুৱাৰ সোণৰ চেইন কাঢ়ি লৈ যায় দুৰ্বৃত্তই ৷ এনে বহু মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া ঘটনা মঙলদৈত সুলভ হৈ পৰিছে ৷ সেইদৰে চহৰৰ মাজমজিয়াত থকা বেংকসমূহৰ পৰা সাঁচতীয়া ধন উলিয়াই নিব নোৱাৰে গ্ৰাহকে ৷ তেনে বহু লোকৰ পৰা ধন কাঢ়ি লৈ যোৱা ঘটনা সংঘটিত হৈছে চহৰখনত ৷

শেহতীয়াকৈ ১৩ মে’ত গৰুখুঁটিৰ অৱসৰী শিক্ষক ভৱেন চন্দ্ৰ নাথে মঙলদৈ ইউকো বেংকৰ পৰা ১৮ হাজাৰ টকা উলিয়াই পথলৈ অহাৰ সময়তে বাইকত অহা দুৰ্বৃত্তই ধনখিনি কাঢ়ি লৈ যায় ৷ তেনেদৰে মটৰ চাইকেল, চাৰিচকীয়া বাহনো সঘনে চুৰি হৈছে অঞ্চলটোত ৷ চাইকেল, পানী মটৰ, দমকল আদি চুৰিৰ ঘটনা দৈনন্দিন সংঘটিত হৈছে ৷ ফলত আৰক্ষীৰ প্ৰতি ৰাইজৰ বিশ্বাস হেৰাই গৈছে ৷

যাৰ বাবে বহুলোকে আৰক্ষীক খবৰ দিবলৈ বা গোচৰ দিবলৈ ইচ্ছা প্ৰকাশ নকৰা হৈছে ৷ ১৫ মে’ৰ নিশা শালৈপাৰাস্থ আমাৰ অসম কাকতৰ জ্যেষ্ঠ কৰ্মচাৰী দিপক শৰ্মাৰ পানী মটৰ চোৰে লৈ যায় যদিও তেওঁ আৰক্ষীক গোচৰ দিবলৈ মন নকৰিলে ৷ এইদৰে মঙলদৈত চুৰি-ডকাইতি কাণ্ডই ভয়াবহ ৰূপ লৈছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ দুই এটা ঘটনাত আৰক্ষী সফল হৈছে যদিও মূল চোৰৰ গেং ধৰাত কিয় ব্যৰ্থ হৈছে সেয়া চহৰখনত চৰ্চাৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক : Crime in Nalbari: নলবাৰীৰ শনি ৰোডত গভাইত চোৰ আটক ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.