ETV Bharat / state

দৰং জিলাত সমষ্টিভিত্তিক খেল মহাৰণ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:40 AM IST

Constituency wise Khel Maharan 2023 begins

বুধবাৰে ছিপাঝাৰ আৰু মঙলদৈত বিধানসভা পৰ্যায়ৰ খেল মহাৰণ 2023ৰ প্ৰতিযোগিতা উদ্বোধন ৷ ছিপাঝাৰ সমষ্টিভিত্তিক খেল মহাৰণৰ প্ৰতিযোগিতাৰ উদ্বোধন বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আৰু মঙলদৈৰ সমষ্টিভিত্তিক খেল মহাৰণৰ উদ্বোধন কৰে বিধায়ক বসন্ত দাসে ৷

দৰং, 30 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে সমষ্টি ভিত্তিক খেল মহাৰণ ৷ বুধবাৰে দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈত বিধানসভা পৰ্যায়ৰ খেল মহাৰণ 2023ৰ প্ৰতিযোগিতা উদ্বোধন কৰা হয় ৷ বুধবাৰে ছিপাঝাৰ ক্ৰীড়া প্ৰকল্পত আয়োজিত ছিপাঝাৰ সমষ্টিভিত্তিক খেল মহাৰণৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আৰু খেল মহাৰণৰ অলিম্পিক শিখা প্ৰজ্বলন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ।

সমষ্টিভিত্তিক খেল মহাৰণৰ প্ৰতিযোগিতা উদ্বোধন কৰি ভাষণ প্ৰসংগত বিধায়ক ৰাজবংশীয়ে কয় যে, গাঁৱে-ভূঁঞে লুকাই থকা প্ৰতিভাবান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ লগতে খেলুৱৈসকলক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদানৰ বাবে এই খেল মহাৰণ আয়োজন কৰা হৈছে ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে অভিনৱ কাৰ্যসূচীৰে নৱপ্ৰজন্মৰ প্ৰভূত উন্নয়ন সাধন কৰিব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে সাঁতোৰবিদ হাজৰিকাই কয় যে, এইসমূহ প্ৰতিযোগিতাই ৰাজ্যৰ চুকে-কোণে থকা খেলুৱৈসকলক আগবাঢ়ি যোৱাত সহায় কৰিব ৷ হিমা দাসৰ দৰে খেলুৱৈৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ খেল মহাৰণত অংশ লোৱা খেলুৱৈয়েও এদিন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব বুলি তেওঁ মন্তব্য কৰে ।

বুধবাৰে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো মঙলদৈৰ সমষ্টিভিত্তিক খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন কৰা হয় ৷ মঙলদৈৰ সমষ্টিভিত্তিক খেল মহাৰণৰ উদ্বোধন কৰি বিধায়ক বসন্ত দাসে কয় যে, মঙলদৈ সমষ্টি তথা দৰং জিলাৰ কেইবাগৰাকী খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে । নৱপ্ৰজন্মৰ খেলুৱৈয়েও এই সফলতাৰ ধাৰা অব্যাহত ৰাখিব লাগিব বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : India A দলত স্থান লাভ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ, উৎফুল্লিত পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.