ETV Bharat / state

মঙলদৈত কংগ্ৰেছৰ মন্দাৱস্থা: বিধায়কৰ নিজৰ ৱাৰ্ডতো পৰাজয় কংগ্ৰেছৰ

author img

By

Published : Mar 9, 2022, 8:51 PM IST

congress big lost in mangaldai
মঙলদৈটো উৰিল BJPৰ বিজয় নিচান

পৌৰসভা নিৰ্বাচনৰ চমকপদ ফলাফল । BJPৰ অগ্ৰগতি,কংগ্ৰেছৰ মন্দাৱস্থা, অগপৰ গজগতি । মঙলদৈত কংগ্ৰেছৰ মহঙা দিন । উৰিল BJP ৰ বিজয় নিচান (BJP wins Municipal Election 2022) ।

মঙ্গলদৈ, ৯ মাৰ্চ: ঘোষণা হ'ল বহু প্ৰত্যাশিত পৌৰসভা নিৰ্বাচনৰ(Assam Municipal Election 2022) ফলাফল । আশানুৰূপভাৱেই BJPৰ চমকপদ পদৰ্শন । মঙলদৈটো উৰিল BJPৰ বিজয় নিচান । ১০ টা ৱাৰ্ডেৰে গঠিত পৌৰসভা খনত BJPৰ দখলত ৭ খন আসন । মিত্ৰদল অগপই দুখন আৰু নিৰ্দলীয়লৈ গ'ল এখন আসন ।

লক্ষণীয়ভাৱে, সমষ্টিটো কংগ্ৰেছৰ বসন্ত দাসৰ দখলত থকাৰ পিছতো কংগ্ৰেছে লাভ নকৰিলে এখনো আসন । আনকি বিধায়ক দাসৰ গৃহ ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীও বিজেপিৰ হাতত পৰাজিত হোৱাৰ পাছতে চৰ্চা তুংগত উঠিছে (BJP wins Municipal Election in Mangaldai) ।

সেই অনুসৰি বিজেপিৰ ১ নং ৱাৰ্ডত নিৰ্মালী দেৱী শৰ্মা, ৩ নং ৱাৰ্ডত স্বপন কুমাৰ ঘোষ, ৪ নং ৱাৰ্ডত অচ্যুৎ কুমাৰ দাস, ৫ নং ৱাৰ্ডত সুব্ৰত শীল, ৭ নং ৱাৰ্ডত তৰামাই দাস, ৯ নং ৱাৰ্ডত গিৰিজা নাথ আৰু ১০ নং ৱাৰ্ডত কল্পনা চহৰীয়াই শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

আনহাতে মিত্ৰ দল অগপই ২ নং ৱাৰ্ডত আব্দুল জলিল আৰু ৮ নং ৱাৰ্ডত মঞ্জুৱাৰা বেগমৰ জয়লাভ । লক্ষ্যণীয়ভাৱে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে হৰুৱাই ৬ নং ৱাৰ্ডত বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী ভৱেন কলিতা ।

সাধাৰণতে বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ দিনত মঙলদৈ চহৰৰ ৰাস্তা ঘাটৰ উন্নয়নকে ধৰি ষ্ট্ৰীট লাইট, খোৱাপানীৰ ব্যৱস্থা কৰাৰ বাবেই বিজেপি প্ৰাৰ্থী সকল বিজয়ী হোৱাত সহায়ক হৈছে বুলি গুণাগঠা চলিছে BJP কৰ্মীসকলৰ মাজত । আনহাতে কংগ্ৰেছৰ বিধায়ক বসন্ত দাসৰ নিজা ৱাৰ্ডত কংগ্ৰেছৰ পৰাজয়ৰ বিষয়টোৱে চহৰখনত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

বিজয়ী প্ৰাৰ্থী সকললৈ শুভেচ্ছা জ্ঞাপন কৰে সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস , ৰাজ্যিক বিজেপিৰ উপসভানেত্ৰী নিলীমা দেবী , দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ শৰ্মা , মঙলদৈ উন্নয়ন প্ৰাধিকাৰী প্ৰতাপ বৰদলৈ , ওবিচি উন্নয়ন বৰ্ডৰ অধ্যক্ষ জিন্তু মনি বৰুৱাই ।

লগতে পঢ়ক: Assam Municipal Election 2022: নগাঁৱত বিজেপিৰ হাতত ধৰাশায়ী কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.