Assam Municipal Election 2022: নগাঁৱত বিজেপিৰ হাতত ধৰাশায়ী কংগ্ৰেছ

By

Published : Mar 9, 2022, 4:59 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

নগাঁও পৌৰসভা নিৰ্বাচনত বিজেপিৰ হাতত ধৰাশায়ী হ’ল কংগ্ৰেছ (Assam Municipal Election Results) ৷ নগাঁৱত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বিপৰীতে বিজেপিৰ বৃহৎ জয় হৈছে (BJP wins in Nagaon municipality Election)। প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ ৱাৰ্ড বৰ্তমান গৈছে বিজেপিৰ হাতলৈ । ইতিহাস ৰচনা কৰি নগাঁও পৌৰসভাৰ ১২ নম্বৰ ৱাৰ্ডত প্ৰথমবাৰৰ বাবে উৰিছে বিজেপিৰ বিজয়ধ্বজা । নগাঁও পৌৰসভাৰ ২৬ টা ৱাৰ্ডৰ ২২ টাত বিজেপি, ৩ টাত বিজেপিৰ মিত্ৰদল অগপই জয়লাভ কৰাৰ বিপৰীতে কেৱল ২০ নম্বৰ ৱাৰ্ডটোহে কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে । একেদৰে ধিং নগৰ সমিতিৰ নিৰ্বাচনত অগপ আৰু কংগ্ৰেছৰ বিৰুদ্ধে 10টা ৱাৰ্ডেই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, ৰহা নগৰ সমিতিত বিজেপিয়ে ৬ টা, মিত্ৰদল অগপই ১ টা, অসম জাতীয় পৰিষদে ১ টা আৰু ৱাৰ্ডত জয়ী হোৱাৰ লগতে দুটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । কামপুৰ নগৰ সমিতিৰ 10 টা ৱাৰ্ডৰ ৭ টাতেই বিজেপি আৰু 3টা ৱাৰ্ডত বিজেপিৰ মিত্ৰতাত অগপই দখল কৰিবলৈ সক্ষম হৈছে । শূণ্য আসনতেই কংগ্ৰেছ সন্তুষ্ট থাকিবলগীয়া হৈছে ৰহা পৌৰসভাত ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.