ETV Bharat / state

10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে

author img

By

Published : Apr 7, 2022, 9:17 PM IST

10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে
10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে

বহাগৰ 10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰাৰ লগতে কোনো ধৰণৰ সাহায্য প্ৰদান নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷ বৃহস্পতিবাৰে দৰঙত ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালিন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই কথা ঘোষণা কৰে ৷

দৰং, 7 এপ্ৰিল: বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ দৰং জিলাৰ ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালিন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷

জিলা পুথিভঁৰালত অনুষ্ঠিত এই আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত জিলাখনৰ 75 খন বিহু সমিতিৰ 5 খন বিহু সমিতিক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হয় ।

10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে

এই অনুষ্ঠানত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কয় যে, বহাগৰ 10 তাৰিখৰ পিছত অনুষ্ঠিত বিহুত অংশগ্ৰহণ নকৰাৰ লগতে কোনো ধৰণৰ সাহায্য প্ৰদান নকৰে বিধায়কগৰাকীয়ে ৷ লগতে দৰং জিলাৰ গৰুখুটিত বিশাল আয়োজনেৰে গৰু বিহু উদযাপন কৰা হ’ব বুলি বিধায়কগৰাকীয়ে কয় ৷

গৰু বিহু দিনাখন গৰুখুটি কৃষি প্ৰকল্পত বিহুৰ লগতে প্ৰদৰ্শিত হ‘ব দৰঙী লোকাচাৰ । সেয়ে জিলা পুথিভঁৰালত বিহু সমিতিক চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সকলো বিহু সমিতিক গৰু বিহুৰ দিনা গাৰুখুটি কৃষি প্ৰকল্পত বিহু উদযাপনৰ বাবে নিমন্ত্ৰণ জনালে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।

লগতে পঢ়ক : অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ ২৪ কেবিনেট মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.