ETV Bharat / state

দুৰ্নীতি হৈছে বান সাহায্যৰ নামত: পৰমানন্দ ৰাজবংশী

author img

By

Published : Jul 1, 2022, 10:54 PM IST

allegation-against-dc-for-corruption-in-flood-relief-in-darrang
দুৰ্নীতি হৈছে বান সাহায্যৰ নামত: পৰমানন্দ ৰাজবংশী

উপায়ুক্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ পিচতে এইবাৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ অভিযোগ ৷ বান সাহায্যৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ।

দৰং, 1 জুলাই : দুৰ্নীতি হৈছে বান সাহায্যৰ নামত । এই অভিযোগ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ৷ উপায়ুক্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ পিছতে এইবাৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে উত্থাপন কৰিছে এই অভিযোগ(Allegation against DC for Corruption in Flood Relief) ৷ দৰঙত বানপানীয়ে লৈছে সংহাৰী ৰূপ, বানপানীৰ বাবে একাংশ বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷

বানপানীৰ বাবে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই দৰঙৰ ৰঙামাটি-শাকতোলা মথাউৰিত ১৭ দিন ধৰি আশ্ৰয় লৈ আছে সহস্ৰাধিক লোক ৷ তেনে সময়তে দৰং জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ চত্ৰ ছায়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

দুৰ্নীতি হৈছে বান সাহায্যৰ নামত: পৰমানন্দ ৰাজবংশী

মুখ্যমন্ত্ৰীয়ে হাত খুলি বন্যাৰ্তক সহায় কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰাৰ পিচতো দৰঙৰ বন্যাৰ্তই পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আশ্ৰয় শিবিৰত থকা লোকক এখন তিৰপালকে কাটি তিনি-চাৰি ঘৰকৈ লোকক বিতৰণ কৰি আহিছে দৰং প্ৰশাসনে ৷ এই অভিযোগ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ।

লগতে দলগাঁও ৰাজহ চক্ৰত পশুখাদ্যৰ নামতো বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে । ইফালে, পশুখাদ্যৰ নামত কাঠৰ গুৰি যোগান ধৰা বুলি মঙলদৈত প্ৰেছ ক্লাৱৰ অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰি বিধায়ক ৰাজবংশীয়ে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক ধমক প্ৰদান কৰে ।

আনহাতে, বানত ককবঁকাই থকা ৰঙামাটি গাঁও পঞ্চায়তৰ শতাধিক লোকে বান সাহায্য পৰ্যাপ্ত পৰিমাণে নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । সাহায্য নোপোৱাৰ লাভ নকৰাৰ বাবে উত্তেজিত ৰাইজে ৰঙামটি গাঁও পঞ্চায়ত ঘেৰাও কৰে ৷

লগতে পঢ়ক : Flood in Assam 2022: দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.