ETV Bharat / state

বৰপেটাৰ কেবাটাও শিবিৰত মহিলা সকলৰ মাজত মেখেলা চাদৰ বিতৰণ আঙুৰলতাৰ

author img

By

Published : Jul 1, 2022, 10:17 PM IST

Updated : Jul 1, 2022, 10:44 PM IST

শুকুৰবাৰে বানবিধ্বস্ত বৰপেটাত বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা উপস্থিত হৈ বৰপেটাৰ কেইবাটাও শিবিৰত মহিলাসকলৰ মাজত মেখেলা চাদৰ বিতৰণ কৰে ৷ লগতে মণ্ডল, গাঁওবুঢ়া আৰু বিষয়া-কৰ্মচাৰীসকলক বান সাহায্য বিতৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি নকৰিবলৈ আহ্বান জনায় বিজেপি নেত্ৰীগৰাকীয়ে ৷

angurlata Deka distributes clothes among flood-affected women in Barpeta
বৰপেটাৰ কেবাটাও শিবিৰত মহিলা সকলৰ মাজত মেখেলা চাদৰ বিতৰণ আঙুৰলতাৰ

বৰপেটা, ১ জুলাই: অসমৰ বান পৰিস্থিতি (Flood in Assam) সম্প্ৰতি উন্নত হৈছে যদিও বৰপেটাৰ বহু অঞ্চল এতিয়াও বানত ডুবি আছে ৷ বানত বিধ্বস্ত বৰপেটাৰ বহু পৰিয়ালে এতিয়াও উভতিব পৰা নাই ঘৰলৈ ৷ শুকুৰবাৰে বানবিধ্বস্ত বৰপেটাত বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা উপস্থিত হৈ বানৰ বাবে ঘৰ এৰি জিলা প্ৰশাসনৰ আশ্ৰয়ত থকা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে (Former MLA Angurlata Deka approached the flood victims ) ৷

লগতে, বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ খবৰ লৈ বৰপেটাৰ কেবাটাও শিবিৰত মহিলা সকলৰ মাজত মেখেলা চাদৰ বিতৰণ কৰে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই ( Angurlata Deka distributes clothes among flood affected women) ৷ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত আঙুৰলতাৰ সংগ দিয়ে আশা বৰদলৈ, বৰপেটা জিলা মহিলা মৰ্চাই ৷ বানৰ মাজত ঘৰ-বাৰী, বয়-বস্তু হেৰুৱাই কাপোৰৰ অভাৱত থকা মহিলাসকলক এইদৰে সহায় কৰিবলৈ পাই নিজকে ধন্য মানিছে বুলি মন্তব্য কৰে ৷

বৰপেটাৰ কেবাটাও শিবিৰত মহিলা সকলৰ মাজত মেখেলা চাদৰ বিতৰণ আঙুৰলতাৰ

আনহাতে মণ্ডল, গাওঁবুঢ়া আৰু বিষয়া কৰ্মচাৰীসকলক বান সাহায্য বিতৰণৰ ক্ষেত্ৰত কোনো ধৰনৰ গাফিলতি নকৰিবলৈ আহ্বান জনায় বিজেপি নেত্ৰী আঙুৰলতাই ৷ লগতে মণ্ডল, গাওবুঢ়া আৰু বিষয়া কৰ্মচাৰীসকলক বান সাহায্য বিতৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি নকৰিবলৈ আহ্বান জনায় বিজেপি নেত্ৰীগৰাকীয়ে ৷

ইফালে বিজেপি মহিলা মৰ্চাৰ বানাক্ৰান্ত মহিলাক সাহায্য বিতৰণৰ সময়ত অভিনেত্ৰী আশা বৰদলৈয়েও উপস্থিত থাকি সকলো শিল্পী কলা কুশলীকে বানত দূৰ্গতসকলক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: কৰিমগঞ্জত বন্যাৰ্তৰ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে

Last Updated : Jul 1, 2022, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.