ETV Bharat / state

চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু

author img

By

Published : Aug 19, 2020, 8:48 PM IST

wild elephant death at Chirang
চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু

চিৰাং জিলাৰ কুকলুং বনাঞ্চলৰ অধীনত থকা নতুন মাটিত মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ । অঞ্চলটোত হাতী ৰুধিবৰ বাবে আঁৰি থোৱা বিদ‍্যুৎ সংলগ্ন ফেঞ্চিঙত লাগি বুধবাৰে মৃত্যুক আঁকোৱালি ল'লে বনৰীয়া হাতীটোৱে ।

চিৰাং,১৯ আগষ্ট : চিৰাং জিলাৰ কুকলুং বনাঞ্চলৰ অধীনৰ নতুন মাটীত মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ । মানাহ অভয়াৰণ‍্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটো বনাঞ্চলখনৰ বিদ্যুৎ সংলগ্ন ফেঞ্চিঙত লাগি বিদ‍্যুতপৃষ্ট হৈ মৃত‍্যু হোৱা বুলি নিশ্চিত কৰিছে বন বিভাগে ।

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰি ক'লে, খাদ‍্যৰ সন্ধানত ওলাই অহা আনুমানিক ৩০/৩৫ বছৰীয়া এই হাতীটো বিদ্যুৎ সংযুক্ত ফেঞ্চিঙত লাগি বিদ‍্যুৎস্পৃষ্ট হৈয়ে মৃত‍্যু হোৱা বুলি আমি নিশ্চিত হৈছো ।

চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু

বন বিভাগৰ চিকিৎসকে ঘটনাস্থলীতে মৰনোত্তৰ পৰিক্ষা সম্পন্ন কৰাৰ অন্তত বন বিভাগে সেই স্থানতেই মৃত হাতীটো পুতি থোৱাৰ ব‍্যৱস্থা কৰে ।

wild elephant death at Chirang
চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু

উল্লেখ্য যে, খাদ্যৰ সন্ধানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই বনৰীয়া হাতীটোয়ে জিলাখনৰ বহু ঠাইত চলাইছিল সন্ত্ৰাস । বনাঞ্চলখনৰ কাষৰীয়া জনবসতি থকা অঞ্চলত বহু লোকৰ ঘৰ ভঙাৰ লগতে খেতি পথাৰ ধ্বংস কৰি আহিছিল । ইয়াৰোপৰি অঞ্চলটোত বহু লোককো কৰিছিল আক্ৰমণ । দুদিন পুৰ্বে এই হাতীটোৰ আক্ৰমণত আহত হৈছিল এজন লোক। হাতীটোৰ আক্ৰমণত বুধবাৰে প্ৰাণ গৈছিল আন এজন লোকৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.