ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 20, 2022, 11:05 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা

সমাগত গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Election 2022) ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে ৰাজ্যৰ ৰাজনৈতিক নেতাসকলৰ ৷ ৱাৰ্ডে ৱাৰ্ডে অন্তিম প্ৰচাৰত ব্যস্ত এতিয়া সকলো ৷ মঙলবাৰে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হৈ সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত নিৰ্বাচনী ৰণডংকা বজাই কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora campaigns for GMC Election) ৷

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই । কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, বিজেপি দলেও কোনোধৰণৰ নিৰ্বাচনী বিধি ভংগ কৰা নাই ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তদন্তৰ নিৰ্দেশ সন্দৰ্ভত মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika's reaction on Assam CM violation of election code of conduct) ৷

Road accident in Sepan : চেপনত ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত এজন

মৰাণৰ চেপনত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় এজন যুৱক(One person spot dead at Sepan) ৷

ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে

কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰা একালৰ অখিল গগৈৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধিয়ে এইবাৰ ৰাইজৰ দলো এৰিলে(Kamal Kumar Medhi quits Raijor Dal) ৷ সামাজিক মাধ্যমযোগে তেওঁ এই কথা সদৰি কৰিছে ৷ সদ্যহতে আন কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা নাই কমল কুমাৰ মেধিৰ ৷

ৰুবুল আলীৰ হত্যাকাণ্ডৰ 8 মূল অভিযুক্তক গ্ৰেপ্তাৰ

প্ৰেমিকাক ম’বাইল ফোন উপহাৰ দিবলৈ গৈ প্ৰাণ হেৰুওৱা (boyfriend got killed) ৰুবুল আলী হত্যাকাণ্ডৰ মূল 8 অভিযুক্তক গ্ৰেপ্তাৰ ৷ 8 অভিযুক্তক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

২০২৪ চনত বিৰোধী মৰ্চাৰ নেতৃত্ব দিয়াৰ বাবে মমতা বেনাৰ্জীয়েই সৰ্বশ্ৰেষ্ঠ : ৰিপুন বৰা

দিল্লীত সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰিপুন বৰাৰ দাবী, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী মৰ্চাক (opposition leader for 2024 Lokshabha election) নেতৃত্ব দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ নেত্ৰী হৈছে মমতা বেনাৰ্জী ৷ বৰাই কয়, কংগ্ৰেছৰ সৈতে আদৰ্শগতভাৱে তৃণমূল কংগ্ৰেছ একেই ৷ পৃথক কেৱল বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃষ্টিভংগী ৷

GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে বন্ধ থাকিব সুৰাৰ বিপনী ৷ আনহাতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’ (Dry day in Guwahati)।

APSC কেলেংকাৰীত অভিযুক্ত ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্রেম

ৰাজ্যত তীব্ৰ খলকনি তোলা ৰাকেশ পাল বাহিনীৰ বিয়াগোম APSC কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্ৰেম’ বিশেষ নায়াধীশ আদালতত মঙলবাৰে সম্পন্ন হয় । বিশেষ ন্যায়াধীশ আদালতে ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰাৰ বিপৰীতে দুজনক দোষমুক্ত কৰে (Charges framed against accused of APSC scam) । বিশেষ ন্যায়াধীশৰ আদালতে অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ব্যৱসায়ী সুৰজিৎ চৌধুৰীক দোষমুক্ত কৰে ৷

কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেৰ বৰপেটা জিলা ভ্ৰমণ

কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেৰ বৰপেটা জিলা ভ্ৰমণ (Minister of State for Railways visits Barpeta)৷ জিলাখনৰ হাস্পতাল, স্কুল, পানীযোগান আঁচনি, বাঁহ-বেতৰ শিল্প আদি পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ ৷

অসম আৰক্ষীত নিযুক্তিৰ ফলাফল বিচাৰি প্ৰতিবাদ কৰা ৩৬ প্ৰাৰ্থীক আটক

অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে সোমবাৰে নিবনুৱাসকলে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰতিবাদকাৰীসকলৰ 36 জন প্ৰতিবাদকাৰীক সোমবাৰেই আৰক্ষীয়ে আটক কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.