ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

author img

By

Published : Apr 20, 2022, 7:45 AM IST

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই । কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, বিজেপি দলেও কোনোধৰণৰ নিৰ্বাচনী বিধি ভংগ কৰা নাই ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তদন্তৰ নিৰ্দেশ সন্দৰ্ভত মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika's reaction on Assam CM violation of election code of conduct) ৷

Assam CM violation of election code of conduct
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

গুৱাহাটী, 20 এপ্ৰিল : ‘‘মুখ্যমন্ত্ৰীয়ে কৰা নাই নিৰ্বাচনী বিধি উলংঘা ৷ নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত আন ৰাজনৈতিক দলবোৰে এনেধৰণৰ কথা কৈ ৰাইজক আভুৱা ভৰিছে ৷ বিজেপি দলে কোনোধৰণৰ নিৰ্বাচনী আইন ভংগ কৰা নাই ৷ বিজেপি দল ৰাইজৰ লগত আছে আৰু ৰাইজৰ হৈ কাম কৰি যাব’’- মঙলবাৰে মঠঘৰীয়াত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika's reaction on Assam CM violation of election code of conduct) ৷

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Election 2022) ৰ প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ যাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে(ASEC orders probe against Assam CM) ৷

এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, আগন্তুক গুৱাহাটী পৌৰসভা 2022 ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 60 টা ৱাৰ্ডৰ ভিতৰত 60 টা ৱাৰ্ডতে জয়লাভ কৰিব । ইতিমধ্যে 3টা ৱাৰ্ড বিজেপিয়ে দখল কৰাৰ বিপৰীতে বাকী 57 টাত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

বিজেপি মিত্ৰজোঁটে গুৱাহাটীবাসীক সু-শাসন প্ৰদান কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ মঙলবাৰে 52 নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী গোকুল গোস্বামীৰ হৈ মহানগৰীৰ মঠঘৰীয়াত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী গৰাকীয়ে ।

তেওঁ কয় যে, মুখ্যমন্ত্ৰীগৰাকী যি ঠাইতে গৈছে, তাতেই ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে (CM Himanta Biswa Sarma campaigns for GMC Election) ৷ গুৱাহাটী মহানগৰীত পূৰ্বে এনেকুৱা ভিৰ কেতিয়াও দেখা নাই । মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা প্ৰচাৰ সভাত মানুহৰ ভিৰ দেখি বিৰোধীয়ে ভয় খাইছে ৷ সেয়ে বিৰোধীয়ে বিভিন্ন উচতনিমূলক কথাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে ৷

লগতে পঢ়ক : নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.