ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 11, 2022, 1:01 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কি ক'লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ?

ঘোষণা হ'ল ৫খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল (Assembly election results of 5 states announced)। পাঞ্জাৱক বাদ দি চাৰিখন ৰাজ্যত বিজেপি দলৰ বিশাল জয় । বিভিন্ন মহলত প্ৰতিক্ৰিয়া ।

লখিমপুৰত আৰক্ষীৰ গুলিত আহত দুই ড্ৰাগছ সৰবৰাহকাৰী

লখিমপুৰত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গুলিত আহত হয় দুটা ড্ৰাগছ সৰবৰাহকাৰী(Drug Peddlers Injured in Police Firing) ৷ নিশা প্ৰায় 1 বজাত বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ বুধবৰীয়া বজাৰৰ সমীপত থকা ড্ৰাগছৰ ঘাটি আৰক্ষীক দেখুৱাবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাই ৷

Kokrajhar Encounter : আৰক্ষীৰ গুলীত আহত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী

কোকৰাঝাৰৰ গোসাইগাঁৱত অসম আৰক্ষী এনকাউণ্টাৰ (Assam police encounter at Kokrajhar)। আৰক্ষীৰ গুলীত আহত হাৰিয়ানাৰ গাঞ্জা সৰবৰাহকাৰী ৷ ট্ৰাকৰ পৰা জব্দ 105 কিলোগ্ৰাম গাঞ্জা । দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে গাঞ্জা কঢ়িয়াই অনা ট্ৰাক ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট

ৰাজ্যত কৰ্মৰত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটীত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট । অসম গৃহৰক্ষী আইন সংশোধনী আইন 2015 সংশোধন কৰাৰো দাবী সন্থাৰ ৷

Road accident at Rangia: ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত 1

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা (One person died in road accident at Rangia) ৷ থিতাতে নিহত এজন ৷

এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (N Biren Singh to get a second term) ৷ এই কথা সদৰি কৰিলে মণিপুৰ বিজেপিৰ বিশেষ সূত্ৰই ৷

No Covid Day Assam: প্ৰথমবাৰলৈ অসমত ক'ভিড আক্ৰান্ত শূণ্য

আজিৰ দিনটোত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছে অসমত (No covid day Assam) ৷ আজিৰ দিনটোত ১,৭১৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু সকলোৰে ফলাফল নিগেটিভ হয় ।

গুৱাহাটীত ভূগৰ্ভস্থ পানী আহৰণত নিষিদ্ধতা জাৰি

কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰা হৈছে। শেহতীয়াভাৱে কামৰূপ মহানগৰ উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই এক নিৰ্দেশৰ জৰিয়তে কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰিছে(Ban imposed on groundwater extraction in Guwahati) ।

ডাঃ ভৱ দাস ফাউণ্ডেচনৰ তৰফৰ পৰা 14 বছৰ অনুৰ্ধৰ হৃদৰোগী শিশুসকলৰ বিনামূলীয়া শল্য চিকিৎসা

ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৃদৰোগী শিশু থকা পৰিয়ালৰ বাবে সুখবৰ । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিশিষ্ট চিকিৎসক ডাঃ বি পি চক্ৰৱৰ্তীয়ে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ 14 বছৰ অনুৰ্ধৰ হৃদৰোগী শিশুসকলক সম্পূর্ণ বিনামূলীয়াকৈ শল্য চিকিৎসা আগবঢ়োৱা হ'ব (Bhaba das foundation to provide free heart surgery for poor children) বুলি উল্লেখ কৰে ৷

নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ সদস্য

তেল চুৰিৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে চুৰি ঘটনাত জড়িত চাৰিজনকৈ লোকক আটক কৰে নগাঁও আৰক্ষীয়ে (Oil thieves gang arrested by Nagaon police) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.