Road accident at Rangia: ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Mar 11, 2022, 11:06 AM IST

ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা (One person died in road accident at Rangia) ৷ থিতাতে নিহত এজন ৷

ৰঙিয়া, 11 মাৰ্চ : পুৱাই ৰঙিয়াত অঘটন ৷ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Rangia) । দুৰ্ঘটনাত এজনৰ লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক (One person death in a road accident at Rangia) ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, গুৱাহাটী অভিমুখে আহি আছিল AS 01 MC 9672 নম্বৰৰ ব্ৰয়লাৰ ভৰ্তি বাহনখল ৷ কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰয়লাৰ ভৰ্তি বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে নোনা নৈৰ ওপৰত থকা দলঙৰ ৰেলিঙত । এই দুৰ্ঘটনাটোত চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন । এই ঘটনা সংঘটিত হোৱা তৎমুহূর্তত হুৱাদুৱা লাগে ভাতকুছিত ।

ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা

তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষী সহযোগত ৰাইজে তৎপৰতাৰে কোনোমতে বাহনখনৰ ভিতৰৰ পৰা তিনি ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজনৰ । আনহাতে, গুৰুতৰভাৱে আহত দুজনক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈ জানিব পৰা হোৱা নাই লোককেইজনৰ পৰিচয় ।

লগতে পঢ়ক : Road accident at Manikpur : কোকিলা মৌলভীপাৰাত পথ দুৰ্ঘটনা, আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.