ETV Bharat / state

Road accident at Manikpur : কোকিলা মৌলভীপাৰাত পথ দুৰ্ঘটনা, আহত 3

author img

By

Published : Mar 3, 2022, 10:52 AM IST

Road accident at manikpur
কোকিলা মৌলভীপাৰাত পথ দুৰ্ঘটনা, আহত 3

বঙাইগাঁৱৰ কোকিলা মৌলভীপাৰাত দুৰ্ঘটনা (Road accident at manikpur) ৷ মিনি ট্ৰাক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত শিশুসহ তিনিজন গুৰুতৰভাৱে আহত হয় ।

মাণিকপুৰ, 3 মাৰ্চ : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাত অঘটন ৷ বুধবাৰে কাল সন্ধিয়া নামি আহিল এটা পৰিয়ালৰ বাবে ৷ কোকিলা মৌলভীপাৰাত এখন মিনি ট্ৰাকৰ সৈতে স্কুটী এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত শিশুসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় (3 person injured in a road accident at manikpur) ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৰপেটা জিলাৰ বালিকুৰিৰ পৰা আলুখুন্দালৈ AS 01 EJ 1527 নম্বৰৰ এখন স্কুটীত গৈ আছিল এটি শিশুসহ দুগৰাকী পুৰুষ-মহিলা ৷ সেই সময়তে বিপৰীত দিশৰ পৰা AS 01 HC 3815 নম্বৰৰ এখন মিনি ট্ৰাকে কোকিলা মৌলভীপাৰাত মহতিয়াই নিয়ে স্কুটীখনক । ফলত শিশুসহ স্কুটীৰ তিনিজন আৰোহীয়ে গুৰুতৰভাৱে আহত হয় ।

কোকিলা মৌলভীপাৰাত পথ দুৰ্ঘটনা, আহত 3

তাৰ পাচতে স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোককেইজনক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে, মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক ৷ যাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় মহিলাগৰাকীক । ইফালে দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাকৰ চালকক স্থানীয় ৰাইজে আটক কৰি কোকিলা আৰক্ষী নিৰীক্ষণ চকীত চমজাই দিয়ে । উল্লেখ্য যে, এই ঘটনা সমন্দৰ্ভত কোকিলা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Road Accident : মহা শিৱৰাত্ৰিৰ আনন্দ-উল্লাসৰ মাজতে পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.