Road accident at Baihata : বাইহাটাত দ খাৱৈত সোমাল ৱেগনাৰ, নিহত 2

By

Published : Mar 3, 2022, 12:51 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

বাইহাটাত বৃহস্পতিবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উফৰি গৈ দ খাৱৈত সোমাল এখন ৱেগনাৰ বাহন (Road accident at Baihata) । ফলত থিতাতে নিহত হয় বাহনখনৰ এগৰাকী যাত্ৰী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল তিনিগৰাকী যাত্ৰী আৰু বাহনখনৰ নম্বৰ হৈছে AS-06 M-8300 । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই ব্যক্তিক স্থানীয় ৰাইজৰ তৎপৰতাত লৈ যোৱা হয় চিকিৎসালয়লৈ ৷ চিকিৎসায়লৈ নি থকা অৱস্থাতে মৃত্যু হয় এগৰাকী লোকৰ ৷ আনজন আহত ব্যক্তি বৰ্তমানো চিকিৎসাধীন হৈ আছে (Two person death in a road accident at Baihata) । প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, বাইহাটা চাৰিআলিৰ দিশৰ পৰা মঙলদৈৰ দিশে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন । তীব্ৰবেগত অহাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাহনখন । এই দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তি দুগৰাকী ক্ৰমে দেৱকান্ত ভূঞা আৰু প্ৰাঞ্জল দাস ৷ বিপৰীতে চিকিৎসাধীন হৈ থকা ব্যক্তিগৰাকী ওৱাহেদ হাজৰিকা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, আটাইকেইজন আৰোহীৰ ঘৰ মঙলদৈত ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.