ETV Bharat / city

নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ সদস্য

author img

By

Published : Mar 10, 2022, 10:09 PM IST

তেল চুৰিৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে চুৰি ঘটনাত জড়িত চাৰিজনকৈ লোকক আটক কৰে নগাঁও আৰক্ষীয়ে (Oil thieves gang arrested by Nagaon police) ৷

oil-thieves-gang-arrested-by-nagaon-police
নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ সদস্য

নগাঁও, 10 মাৰ্চ : ৰাজ্যত সক্ৰিয় হৈ উঠিছে খাৰুৱা তেলৰ চুৰি চক্ৰ । শেহতীয়াকৈ নগাঁৱত সংঘটিত হৈছে তেল চুৰিকাণ্ড ৷ বৃহস্পতিবাৰে আৰক্ষী বিষয়া ধ্ৰুৱ বৰাই নেতৃত্ব দিয়া নগাঁও আৰক্ষীয়ে অভিযান চলাই তেল চুৰিত জড়িত থকা চাৰিজনকৈ লোকক আটক কৰে (Oil thieves gang arrested by Nagaon police) ৷

জানিব পৰা মতে, বিগত 25 ফেব্ৰুৱাৰীত নগাঁৱৰ কৃষ্ণাইঘাটৰ পথাৰৰ পৰা তেল পৰিবাহী পাইপ কাটি তেল চুৰি কৰিছিল এটা তেল চুৰি চক্ৰই (Oil theft in Nagaon) ৷ এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷ পিছে ঘটনাৰ পষেক নৌহওঁতে নগাঁৱৰ প্ৰণৱ শইকীয়া নামৰ এজন লোকৰ সহযোগত উজনি অসমৰ এটা চক্ৰই কৃষ্ণাইঘাটৰ তেল চুৰি ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰি নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰি তিনিচুকীয়াৰ পৰা চাৰিজনক আটক কৰে ৷

আটকাধীন চাৰিজন লোক ক্ৰমে, নগাঁৱৰ প্ৰণৱ শইকীয়া, ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা আৰু ইন্দ্ৰজিত চুতীয়া বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এই চুৰিকাণ্ডৰ লগত জড়িত থকা মূল মাষ্টাৰ মাইণ্ডকো আৰক্ষীয়ে আটক কৰি নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Ganza seized in Karimganj : অসম ত্ৰিপুৰা সীমান্তত জব্দ 228 কেজি গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.