৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কি ক'লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Mar 11, 2022, 12:30 PM IST

Assembly election results

ঘোষণা হ'ল ৫খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল (Assembly election results of 5 states announced)। পাঞ্জাৱক বাদ দি চাৰিখন ৰাজ্যত বিজেপি দলৰ বিশাল জয় । বিভিন্ন মহলত প্ৰতিক্ৰিয়া । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও নিৰ্বাচনৰ ফলাফলক লৈ আগবঢ়ালে নিজৰ মন্তব্য...

আগৰতলা,১১ মাৰ্চ : বৃহস্পতিবাৰে ঘোষণা হ'ল ভাৰতৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Results of Assembly elections in 5 states of India)। পঞ্জাৱৰ বাহিৰে বাকীকেইখন ৰাজ্যত বিজেপিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । বিজেপিৰ এনে ফলাফলক লৈ সন্তুষ্ট দলটোৰ বহু নেতা ।

নিৰ্বাচনৰ ফলাফলৰ পাছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ দাবী, দেশত ৰাজবংশৰ ৰাজনীতিৰ অন্ত পৰিছে । তেওঁৰ মতে বৰ্তমান দেশৰ ৰাজনীতিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি অপ্ৰাসংগিক । বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন ঘোষণা হোৱা ৰাজ্যকেইখনৰ জনসাধাৰণ লগতে বিজেপিয়ে দখল কৰা ৪ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM congratulates 4 states CM) ।

সচিবালয়ত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ জনসাধাৰণে এখন নতুন ভাৰত বিচাৰে । নিৰ্বাচনৰ ফলাফলে ইয়াকে প্ৰমাণ কৰে । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে দেশৰ সকলো লোকে বিশ্বাস কৰে যে, প্ৰধানমন্ত্ৰী মোডী নেতৃত্বত দেশখনে এক নতুন দিশত আগবাঢ়িছে ।

তেওঁৰ মতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত ৰাজ্য চৰকাৰসমূহে স্বাস্থ্য, শিক্ষা, যোগাযোগ ব্যৱস্থা, ৰেচন ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে । ৰাজ্য চৰকাৰেও নিজা প্ৰচেষ্টাৰে ৰাজ্যখনৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি আছে । মুখ্যমন্ত্ৰী দেৱে অন্যতম বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি (Tripura CM criticizes opposition Congress) কয় যে দলটোৱে উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ পাছতো দলটোৱে প্ৰায় ২ শতাংশহে ভোট লাভ কৰিছে । কংগ্ৰেছ শূন্য হৈ পৰিছে দেশৰ ৰাজনীতি । ভাৰতৰ মানুহে এতিয়া ৰাজবংশৰ ৰাজনীতিত বিশ্বাস নকৰে বুলিও তেওঁ দাবী কৰে ৷

বিপ্লৱ কুমাৰ দেৱৰ লগতে কয় য়ে, মানুহে এতিয়া প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ ৰাজনীতিৰ পদ্ধতিত বিশ্বাস কৰে । ত্ৰিপুৰা সন্দৰ্ভত দেৱে কয় যে, বিজেপিয়ে ৰাজ্যখনত উন্নয়নৰ বাবে কাম কৰি আছে আৰু এই চাৰি বছৰত বহুতো পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী মোডীৰ কাম কৰাৰ যি ইতিবাচক মানসিকতা, তাকলৈ ত্ৰিপুৰাত বিজেপিয়ে কাম কৰি আছে । তেওঁ বিশ্বাসী যে আগন্তুক দিনত ত্ৰিপুৰাতো একেই ফলাফলৰ পুনৰাবৃত্তি হ'ব ।

লগতে পঢ়ক :তেওঁলোকে মোক সন্ত্ৰাসবাদী বুলি কৈছিল, কিন্তু মই এজন প্ৰকৃত দেশভক্ত: অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.