ETV Bharat / state

Public work for Making river bridge : নিৰ্বিকাৰ চৰকাৰ; ৰাইজৰ উদ্যোগত নিৰ্মাণ হ’ল দলং

author img

By

Published : Apr 18, 2023, 7:43 AM IST

Bridge made by villager
দলং নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

চৰকাৰৰ ওপৰত ভৰষা এৰি গৰু-গছ বিক্ৰী কৰি দলং নিৰ্মাণ কৰিলে চিৰাঙবাসীয়ে ৷ ৰাইজে নিৰ্মাণ কৰিলে চিৰাঙৰ চম্পা বজাৰৰ নিকটৱৰ্তী ভূৰ নৈৰ ওপৰৰ দলংখন (Local people repaired bridge in Chirang) ।

দলং নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

চিৰাং, 18 এপ্ৰিল : ৰাজ্য চৰকাৰখনে প্ৰতিটো ভাষণতে ৰাজ্যৰ প্ৰগতি, উন্নয়ন হোৱা বুলি দাবী কৰি থাকিলেও শেহতীয়াকৈ পুনৰ দেখিবলৈ পোৱা গৈছে চৰকাৰী অমনোযোগিতাৰ আন এখন দুখ লগা ছবি ৷ চৰকাৰে নিৰ্মাণ কৰি দিয়াৰ আশা বাদ দি ৰাইজে নিজৰ গৰু-গছ বিক্ৰী কৰি দলং নিৰ্মাণৰ বাবে হাতত ল’লে কাম ৷ চিৰাঙৰ চম্পাবজাৰৰ নিকটৱৰ্তী ভূৰ নৈৰ ওপৰৰ দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ভাঙিলে গাঁথিৰ ধন (Local people repaired bridge in Chirang) ।

Bridge made by villager
ৰাইজে নিৰ্মাণ কৰিলে দলং

চিৰাং জিলাৰ 2 নং গৰুভাষা শালবাৰীৰ লোকে সোমবাৰে চৰকাৰ ওপৰত আশা বাদ দি চম্পাবজাৰৰ নিকটৱৰ্তী ভূৰ নৈৰ ওপৰৰ দলঙখন নিৰ্মাণৰ বাবে নিজে গাঁথিৰ ধন খৰচ কৰি আগবাঢ়ি আহিল । বিটিচিৰ বিপিএফৰ চৰকাৰেও এইখন দলং নিৰ্মাণৰ বাবে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল, সেয়া ৰক্ষা নকৰিলে বুলি আক্ষেপ সহকাৰে প্ৰকাশ কৰে ৰাইজে ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰেও নকৰিলে দলং নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা । যাৰ বাবে কেইবাখনো গাঁৱৰ লোকৰ যাতায়াতত ব্যাপক সমস্যাই দেখা দি আহিছে বিশেষকৈ বাৰিষাৰ বতৰত (Bridge over Bhur river of Chirang)।

Bridge made by villager
দলং নিৰ্মাণত ব্যস্ত চিৰাংবাসী

বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীকে আদি কৰি ব্যৱসায়ী তথা সাধাৰণ জনতাই বছৰৰ পিচত বছৰ কষ্ট ভুগিবলগীয়া হৈছে এই দলংখন নোহোৱাৰ বাবেই ৷ উপায়ন্তৰ জনতাই নিজৰ গৰু বিক্ৰী কৰি, ঘৰৰ গছ বিক্ৰী কৰি, ৰাইজৰ ধন সকলো মিলাই হাতত ল’লে দলং নিৰ্মাণৰ কাম ৷ মূলতঃ আদিবাসী অধ্যুষিত জনবসতিৰ গাঁ’ৰ লোকসকলে দলং নিৰ্মাণৰ বাবে আগভাগ লয় ৷

Bridge made by villager
গৰু-গছ বিক্ৰী কৰি দলং নিৰ্মাণ কৰিলে চিৰাঙবাসীয়ে

ইয়াৰোপৰি, অনাগত দিনত জনপ্ৰতিনিধিক কোনো গুৰুত্ব নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে স্থানীয় ৰাইজে ৷ চৰকাৰ আহিছে গৈছে, কিন্তু কোনো চৰকাৰেই তেওঁলোকৰ বাবে কাম কৰা নাই বুলি কয় স্থানীয় ৰাইজে । প্ৰতি বছৰে নিৰ্বাচনৰ আগে আগে জনপ্ৰতিনিধিৰ ঢল বয় লগতে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে যদিও নিৰ্বাচন শেষ হোৱাৰ পিচত নিৰ্বাচনী প্ৰতিশ্ৰুতি কোনেও পূৰণ নকৰে বুলি কয় ভুক্তভোগী ৰাইজে (Bridge made by villager) ।

চিৰাং জিলাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু চিদলী বিধান সভা তথা বিটিচিৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ ৰাইজৰ বাস্তৱিক অৱস্থাই উদঙাই দেখুৱাইছে ৰাজ্য চৰকাৰ তথা মিত্ৰজোঁট চৰকাৰৰ প্ৰকৃত স্বৰূপ ৷

লগতে পঢ়ক : Senimora ghat ferry incident: ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল সত্ৰাধিকাৰসহ শতাধিক যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.