ETV Bharat / state

গুণগত মান বৃদ্ধি পাইছে শিক্ষাৰ: ইউ জি ব্ৰহ্ম

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:24 PM IST

Gunotsav 2024: ৰাজ্যত অব্যাহত আছে গুণোৎসৱ 2024 ৷ চিৰাঙত বৃহস্পতিবাৰে বহিঃমূল্যায়নত অংশ লয় মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ শিক্ষাৰ গুণগত মান বৃদ্ধি পোৱা বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Gunotsav 2024
Gunotsav 2024 in Chirang

গুণোৎসৱ 2024ত মন্ত্ৰী ইউ জি ব্ৰহ্ম

চিৰাং, 11 জানুৱাৰী: ৰাজ্যৰ আন ১৩ খন জিলাৰ লগতে চিৰাং জিলাতো আৰম্ভ হোৱা পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ আজি তৃতীয় দিন ৷ গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত গুণোৎসৱ চিৰাং জিলাত মুঠ ৯১৭ খন বিদ্যালয়ত মুঠ ৬৫,৩৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে ৷ বৃহস্পতিবাৰে মুঠ ৩২৭ খন বিদ্যালয়ৰ সৰ্বমুঠ ২২ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে ৷

ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ মাজত গণিত আৰু বিজ্ঞান বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজীত দিয়াৰ ফলত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এই পৰীক্ষা বৰ্জন কৰে ৷ আজি চিৰাং জিলাৰ বড়ো বজাৰ শিক্ষা খণ্ডৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বড়ো বজাৰস্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ত বহিঃমূল্যাংকনত অংশ গ্ৰহণ কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

মন্ত্ৰী ব্ৰহ্মই বড়ো বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ স'তে মত বিনিময় কৰি ইংৰাজী বিষয়টোত নৱম শ্ৰেণীৰ উভয় মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বিষয়টোত আঁসোৱাহ ৰৈ গৈছে বুলি উল্লেখ কৰে ৷ প্ৰশ্ন কাকতৰ সমস্যাক লৈ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই পৰীক্ষা বৰ্জন কৰা বিষয়টোত এইটো এটা ডাঙৰ ইছু বুলি মন্তব্য কৰাৰ লগতে এই সমস্যা সমাধান কৰি নতুন কৈ পৰীক্ষা পাতিব বুলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

মন্ত্ৰীগৰাকীৰ সৈতে বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, জিলা শিক্ষা বিষয়া বিজয় বৈষ্ণৱ, জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক ৰশ্মি শইকীয়াৰ উপৰিও বিটিআৰৰ পাৰিষদ প্ৰভাত বসুমতাৰী, বিজনীৰ মহকুমাধিপতি সহ বহু কেইগৰাকী লোক উপস্থিত থাকে ।

লগতে পঢ়ক: চৰকাৰী চাউলত প্লাষ্টিক চাউলৰ মিশ্ৰণ সন্দৰ্ভত আলোচনাচক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.