ETV Bharat / state

ইতিহাস প্ৰসিদ্ধ বিজনীৰ লক্ষ্মী মন্দিৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত লক্ষ্মী পূজা

author img

By

Published : Oct 21, 2021, 1:58 PM IST

bijni-historical-laxmi-puja
ইতিহাস প্ৰসিদ্ধ বিজনীৰ লক্ষ্মী মন্দিৰত পাঁচদিনীয়াকৈ আয়োজন লক্ষ্মী পূজা

বিজনীৰ লক্ষ্মী মন্দিৰত প্ৰতিবছৰে আড়ম্বৰপূৰ্ণভাৱে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা আয়োজন কৰা হয় ৷ কিন্তু এইবাৰ ক’ভিড পৰিস্থিতিৰ বাবে পাঁচদিনীয়াকৈ কৰা হয় লক্ষ্মী পূজা ৷ অৱশ্যে প্ৰশাসনৰ অনুমতি সাপেক্ষে পূজাস্থলীত স্থানীয় ব্যৱসায়ীয়ে অস্থায়ী বিপণী খোলে ৷

চিৰাং, 21 অক্টোবৰ : ইতিহাস প্ৰসিদ্ধ বিজনীৰ লক্ষ্মী মন্দিৰত বুধবাৰৰ সন্ধিয়াৰে পৰা আৰম্ভ হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ৷ বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা কমিটিয়ে এইবাৰ ক'ভিড-১৯ ৰ নিৰ্দেশনা অনুসৰি ১৩০ সংখ্যক লক্ষ্মী পূজা মহোৎসৱ অনুষ্ঠিত কৰিছে ৷

bijni-historical-laxmi-puja
ইতিহাস প্ৰসিদ্ধ বিজনীৰ লক্ষ্মী মন্দিৰত পাঁচদিনীয়াকৈ আয়োজন লক্ষ্মী পূজা

নানা ভাষা-ভাষী, জাতি-ধৰ্ম নিৰ্বিশেষে মিলনৰ ভূমি বিজনী চহৰস্থিত ঐতিহাসিক লক্ষ্মী মন্দিৰত ২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা পূজা ২৪ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব ৷

বুধবাৰে অনাড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে বিজনী লক্ষ্মী মন্দিৰ প্ৰাংগণত পূজা কমিটিৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ধনঞ্জয় ৰায়ে । আনহাতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যকৰী সভাপতি ভবেন বৰ্মনে । সন্ধিয়া শংখ, ঘণ্টা, উৰুলিৰ ধ্বনিৰে পূজা মহোৎসৱ উদ্বোধন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে ৷

bijni-historical-laxmi-puja
ইতিহাস প্ৰসিদ্ধ বিজনীৰ লক্ষ্মী মন্দিৰত পাঁচদিনীয়াকৈ আয়োজন লক্ষ্মী পূজা

বিধায়কগৰাকীয়ে ৰজা বিজিত নাৰায়ণৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পোষকতা কৰি ভৱিষ্যতে পূজা কমিটিলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷ তেওঁ সকলো জাতি-জনগোষ্ঠীৰে ভক্তপ্ৰাণ ৰাইজক ক'ভিড ১৯ ৰ নিৰ্দেশনা অনুসৰি পূজা-অৰ্চনা কৰিবলৈ আহ্বান জনায় ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি স্থানীয় প্ৰশাসনৰ অনুমতি সাপেক্ষে পূজাস্থলীত স্থানীয় ব্যৱসায়ীসকলে অস্থায়ীভাৱে বিপণী খোলে ৷

লগতে পঢ়ক : নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.