ETV Bharat / state

নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

author img

By

Published : Oct 20, 2021, 7:51 PM IST

Lakhmi puja in Narayanpur ASC10039
নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

নাৰায়ণপুৰৰ ভোলাবৰি আঞ্চলিক যুৱসংঘৰ উদ্যোগত আমগুৰিত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তীবৰ্ষ গৰকা লক্ষ্মী পূজাভাগ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই পূজাভাগ । এই পূজাভাগৰ বিশেষ আকৰ্ষণ হ’ল সম্পূৰ্ণ অসমীয়া সাজপাৰত সজোৱা দেৱী লক্ষ্মীৰ প্ৰতিমা ৷

বিহপুৰীয়া, 20 অক্টোবৰ : আজি লক্ষ্মীপূজা ৷ ৰাজ্যবাসীয়ে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীক আদৰাৰ বাবে পূজা-অৰ্চনা আগবঢ়াইছে ৷ আহিন মাহৰ পূৰ্ণিমাত পূজিত হয় বাবে এই লক্ষ্মীপূজাভাগক ‘কোজাগৰী’ বুলিও কোৱা হয় ৷

লোকবিশ্বাস অনুসৰি এই দিনটোতে মা লক্ষ্মী স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহে ৷ সকলোৰে ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়ে ৷ যি ঘৰৰ দুৱাৰ বন্ধ থাকে সেই ঘৰত দেৱী প্ৰৱেশ নকৰে সেই বাবে এই দিনটোতে গোটেই নিশা উজাগৰে থাকি দেৱী লক্ষ্মীৰ আৰাধনা কৰা হয় ৷

দেৱীলৈ প্ৰাৰ্থনা আগবঢ়াই সকলোৰে এটাই আশা ধন-ঐশ্বৰ্যৰে ভৰি পৰক ভড়াল ৷ বুধবাৰে পুৱাৰে পৰা দেৱী লক্ষ্মীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ ইয়াৰ ব্যতিক্ৰম নহয় নাৰায়নপুৰ ৷

নাৰায়ণপুৰত সম্পূৰ্ণ অসমীয়া সাজেৰে সজোৱা হ'ল দেৱী লক্ষ্মীক

বুধবাৰে পুৱাৰে পৰা নাৰায়নপুৰৰ পৰা একাংশ পূজা মণ্ডপতো ধন-ঐশ্বৰ্য, সুখ-শান্তি দায়িনী দেৱীগৰাকীৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে ৷ নাৰায়ণপুৰৰ ভোলাবৰি আঞ্চলিক যুৱসংঘৰ উদ্যোগত আমগুৰিত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তীবৰ্ষ গৰকা লক্ষ্মী পূজাভাগ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই পূজাভাগ ।

এই পূজাভাগৰ বিশেষ আকৰ্ষণ হ’ল সম্পূৰ্ণ অসমীয়া সাজপাৰত সজোৱা দেৱী লক্ষ্মীৰ প্ৰতিমা ৷ যি এতিয়া হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ দেৱী অৰ্চনাৰ লগতে প্ৰতিমা দৰ্শনৰ বাবেও পূজাস্থলীত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : পূজাৰ পিছতে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.