ETV Bharat / state

চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ: বন কৰ্মীক নিলম্বন

author img

By

Published : Aug 13, 2020, 4:03 PM IST

অভিযোগ অনুসৰি বনাঞ্চলিক বিষয়া মুছাহাৰী পূৰ্বে বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ ঘনিষ্ঠ ৷ তদুপৰি মুছাহাৰীৰ নিযুক্ত অবৈধ আছিল বুলিও এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ নিলম্বিত অন্য় এগৰাকী বন কৰ্মী জেঠ মুছাহাৰী পূৰ্বে খাম্পা বৰগয়াৰীৰ ব্যক্তিগত দেহৰক্ষী আছিল আৰু পৰৱৰ্তী সময়ত চাকৰি লাভ কৰিছিল বন বিভাগত ৷ ব্যক্তিগৰাকীয়ে বৰগয়াৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দি স্বয়ম্ভু বনাঞ্চলিক বিষয়াৰ চিনাকী দিছিল ৰাইজৰ আগত ৷

Forest Departments campaign against smuggling of timber in Chirang assam etv bharat news
চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান

চিৰাং,13 আগষ্ট: অৱশেষত ফাদিল হ’ল চিৰাঙত অব্যাহত থকা চোৰাং কাঠৰ ব্যৱসায়ৰ ক’লা অধ্যায় ৷ বন বিভাগৰ ধাৰাবাহিক অভিযানত জলজল-পটপটকৈ স্পষ্ট হৈ পৰে এই গোপন অধ্যায়ৰ কাহিনী ৷ এই অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কাঠ সৰবৰাহত জড়িত তিনি বন কৰ্মীক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা ৷ দীৰ্ঘদিনে বন বিভাগৰ ওচৰত উত্থাপিত হৈ আহিছিল চোৰাং কাঠৰ অবৈধ বেহাৰ অভিযোগ ৷ চিৰাঙৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে চলাইছিল উক্ত অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ চুৰিৰ লগতে বন কৰ্মীৰ ঘৰত লুকাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মূল্যৱান কাঠখিনি ৷ বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত কাৰ্যত জড়িত আছে ৰুণিখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ফৰেষ্টাৰ দৈমালু গয়াৰী আৰু ফৰেষ্ট গাৰ্ড জেঠ মুছাহাৰী ৷ বন বিভাগৰ জব্দ কৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ৷

চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

একাংশ প্ৰকৃতিপ্ৰেমীৰ অভিযোগ অনুসৰি এই কাৰ্যত জড়িত আছে ৰুণিখাটাৰ বনাঞ্চলিক বিষয়া জশোমানিক মুছাহাৰী ৷ কিয়নো বিষয়াগৰাকীয়ে ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰা অঞ্চলৰ কেইবাখনো গাঁওৰ লোকৰ পৰা ধুমুহাৰ ক্ষতিপূৰণৰ নামত প্ৰায় ৬০০ টা পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিল 400-500 কৈ নগদ ধন ৷ মুছাহাৰীক এই প্ৰসংগত কাম দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৰুণিখাটাৰ বনাঞ্চলিক বিষয়াই ৷ তদুপৰি মুছাহাৰীৰ পদ সম্পৰ্কতো আৰম্ভ হৈছে বিতৰ্ক ৷

চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ
চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

উল্লেখ্য যে অভিযোগ অনুসৰি বনাঞ্চলিক বিষয়া মুছাহাৰী পূৰ্বে বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ ঘনিষ্ঠ ৷ তদুপৰি মুছাহাৰীৰ নিযুক্ত অবৈধ আছিল বুলিও এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ আনহাতে, নিলম্বিত অন্য় এগৰাকী বন কৰ্মী জেঠ মুছাহাৰী পূৰ্বে খাম্পা বৰগয়াৰীৰ ব্যক্তিগত দেহৰক্ষী আছিল আৰু পৰৱৰ্তী সময়ত চাকৰি লাভ কৰিছিল বন বিভাগত ৷ ব্যক্তিগৰাকীয়ে বৰগয়াৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দি স্বয়ম্ভু বনাঞ্চলিক বিষয়াৰ চিনাকী দিছিল ৰাইজৰ আগত ৷ স্থানীয় ৰাইজে দাবী উত্থাপন কৰা অনুসৰি চোৰাং কাঠৰ সৰবৰাহত জড়িত তথা নিলম্বিত বন কৰ্মীসকলৰ বিৰুদ্ধে হ’ব লাগে উচ্চ পৰ্যায়ৰ তদন্ত ৷ কিন্তু এই ব্যৱসায়ত জড়িত সকলক নিলম্বিত কৰিয়ে ক্ষান্ত থাকিবনে বন বিভাগ ? নে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰিব উচ্চ পৰ্যায়ৰ কমিটি ? বিষয় সন্দৰ্ভত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃ জুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.