ETV Bharat / state

চাপাগুৰীত অসম সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:26 PM IST

Axon sahittya sabha felicitation
চাপাগুৰীত অসম সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠান

চাপাগুৰীত দেওবাৰে অসম সাহিত্য সভাৰ ছাপাগুৰী স্বৰ্ণ শাখাৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰতিনিধি আৰু বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় ৷

চাপাগুৰীত অসম সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠান

চিৰাং, 10 ডিচেম্বৰ : চিৰাং জিলাৰ চাপাগুৰীত দেওবাৰে অসম সাহিত্য সভাৰ চাপাগুৰী স্বৰ্ণ শাখাৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ চাপাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, সাহিত্যিক অমৃত নাৰায়ণ পাটগিৰিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ৷

শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অনন্ত কুমাৰ বৰা, ধুবুৰী কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নয়ন জ্যোতি চৌধুৰী সহ এটি সঁজাতী দলৰ আমন্ত্ৰণক্ৰমে তেওঁ চাপাগুৰী শাখা সাহিত্য সভাৰ এই অনুুষ্ঠানত উপস্থিত হয় ৷ নামনি অসমৰ চিৰাং, বঙাইগাঁও, ধুবুৰী আৰু নলবাৰী জিলাৰ প্ৰতিনিধিৰে অনুষ্ঠিত হোৱা এই সভাত অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ দিশ সম্পৰ্কে আলোচনা কৰা হয় ৷

লগতে শৰ্মাই কয় যে, সম্প্ৰতি লোকসকলৰ মাজত জাতীয় চেতনাৰ অভাৱ ঘটিছে ৷ বহুতে নিজক চিনি নোপোৱা হৈছে ৷ অসম সাহিত্য সভাই সমগ্ৰ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়- ভাতৃত্ব ৰক্ষাৰ বাবে চলাই আহিছে প্ৰচেষ্টা ৷ আজিৰ অনুষ্ঠানত অসমীয়া ভাষা আৰু সাহিত্যৰ অস্তিত্ব ৰক্ষাৰ ওপৰত আলোচনা অনুষ্ঠিত হয় ৷ লগতে চিৰাং জিলা সাহিত্য সভাৰ বিভিন্ন শাখাৰ প্ৰতিনিধিৰ সতে মত বিনিময় অনুষ্ঠিত হয় ৷

সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰতিনিধি আৰু বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় ৷ সভাত চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়ন, বঙাইগাওঁ জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰী প্ৰমুখ্যে ভালে সংখ্যক অতিথি উপস্থিত থাকে ৷

লগতে পঢ়ক: চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.