ETV Bharat / state

চিৰাঙত 9 বছৰীয়া কন্যাক ধৰ্ষণ লম্পট পিতৃৰ

author img

By

Published : May 28, 2021, 10:46 PM IST

চিৰাঙত পিতৃৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া জীয়ৰী । চিৰাঙৰ ঢালিগাঁও থানাত গোচৰ । অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷
চিৰাঙত 9 বছৰীয়া কন্যাক ধৰ্ষণ লম্পট পিতৃৰ
চিৰাঙত 9 বছৰীয়া কন্যাক ধৰ্ষণ লম্পট পিতৃৰ

চিৰাং, 28 মে' : সভ্য সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে চিৰাঙত । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা । নিজৰ পিতৃয়ে বলপুৰ্ব্বক ধৰ্ষণ কৰিলে নিজৰ ৯ বছৰীয়া জীয়ৰীক ।

চিৰাঙত 9 বছৰীয়া কন্যাক ধৰ্ষণ লম্পট পিতৃৰ

নিজৰ জীয়ৰীক বলপুৰ্বক ধৰ্ষণ কৰি ফটো আৰু ভিডিঅ' বনাই পিতৃ নিজেই ভাইৰেল কৰে সামাজিক মাধ্যমত ৷ সমগ্ৰ ঘটনা পুত্ৰৰ দৃষ্টিগোচৰ হোৱাত আৰু ঢালিগাঁও থানাত পুত্ৰই গোচৰ দিয়ে । ঢালিগাঁও থানাত নাবালিকা ধৰ্ষণ সন্দৰ্ভত পোকচো আইনৰ অধীনত ১৩৬/২০০২১ নম্বৰ গোচৰ পঞ্জীয়ণ কৰি আৰক্ষীয়ে লোকজনক বিচাৰি তদন্ত আৰম্ভ কৰে ।

শুকুৰবাৰে বিয়লি চিৰাং-বঙাইগাঁও সীমান্তৰ বাসুগাঁওৰ নিকটৱৰ্তী অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জঘন্য ঘটনা সংঘটিত পৰা ব্যক্তিগৰাকীক । ধৰ্ষণৰ অভিযুক্ত পিতৃ হাকিম উদ্দিন(৩৫) এ পূৰ্বতেও এনেধৰণৰ কাৰ্য সংঘটিত কৰাত পৰিয়ালটোক একঘৰীয়া কৰি ৰাখিছিল গাঁওবাসীয়ে । সম্প্ৰতি ঢালিগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে লোকজনক ৷

লগতে পঢ়ক : মুক্তিযুঁজাৰু চম্পাৱতী বৰদলৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.