ETV Bharat / state

চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

author img

By

Published : Dec 16, 2020, 12:42 PM IST

As_Chg_wild-elephant-death_vis_as10012
চিৰাঙত পুনৰ পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা

চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ ২নং চিকাঝোৰাত পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ চলিত মাহত জিলাখনত সংঘটিত এইটো চতুৰ্থটো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷

চিৰাং,16 ডিচেম্বৰ: চিৰাঙত পুনৰ পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলৰ ২নং চিকাঝোৰাত মানাহ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা অহা এটা বন্যহস্তীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে ৷ এইটো চলিত মাহত জিলাখনত সংঘটিত চতুৰ্থটো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ ঘটনাস্থলীত বিজনী বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

চিৰাঙত পুনৰ পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা

উল্লেখ্য যে, চলিত মাহতে জিলাখনত চাৰিটাকৈ বন্যহস্তীৰ মৃত্যুৰ পিছতো হাতীৰ ৰক্ষণাবেক্ষণত ব্যৰ্থ হৈছে বন বিভাগ ৷ সমান্তৰালকৈ জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰটো বিভাগটোৱে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ৷ ডাব্লিউ ডাব্লিউ এফ নামৰ বেচৰকাৰী সংস্থা এটাই হাতীৰ উপদ্ৰৱ হ্ৰাস কৰাৰ বাবে বৈদ্যুতিক ফেঞ্চিং নিৰ্মানৰ নামত কোটি কোটি টকা শৰাধ কৰিও অঞ্চলবাসীক ইয়াৰ পৰা পৰিত্ৰাণ প্ৰদানত ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক-শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.