ETV Bharat / state

চিৰাঙত অৰ্ধ সামৰিক বাহিনীৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' কাৰ্যসূচী

author img

By

Published : Feb 20, 2021, 6:58 AM IST

কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ১৫৬ নম্বৰ বেটেলিয়নৰ চিভিক একচন কাৰ্যসূচীৰ অধীনৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' আঁচনিৰ জৰিয়তে বিদ্যালয়খনত এটা শৌচালয়, গা-ধোৱা কোঠা আৰু শৌচাগাৰ কোঠা মুকলি কৰা হয় ।

চিৰাঙত অৰ্ধ সামৰিক বাহিনীৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ জৰিয়তে বিশেষ প্ৰদক্ষেপ গ্ৰহণ
চিৰাঙত অৰ্ধ সামৰিক বাহিনীৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ জৰিয়তে বিশেষ প্ৰদক্ষেপ গ্ৰহণ

চিৰাং,20 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ১৫৬ নম্বৰ বেটেলিয়নে শুকুৰবাৰে চিৰাং জিলাৰ ঢালিগাঁও বেংতলগেটস্থিত স্বৰূপস্থিতি মানৱ সম্পদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা এক শৌচালয় গৃহ উদ্বোধন কৰে । কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ১৫৬ নম্বৰ বেটেলিয়নৰ চিভিক একচন কাৰ্যসূচীৰ অধীনৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' আঁচনিৰ জৰিয়তে বিদ্যালয়খনত এটা শৌচালয়, গা-ধোৱা কোঠা আৰু শৌচাগাৰ কোঠা মুকলি কৰা হয় ।

চিৰাঙত অৰ্ধ সামৰিক বাহিনীৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ জৰিয়তে বিশেষ প্ৰদক্ষেপ গ্ৰহণ
চিৰাঙত অৰ্ধ সামৰিক বাহিনীৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ জৰিয়তে বিশেষ প্ৰদক্ষেপ গ্ৰহণ

কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ১৫৬ নম্বৰ বেটেলিয়নৰ কমাণ্ডেন্ট ৰবি মুণ্ডাই উল্লিখিত ভৱনৰ শুভ উদ্বোধন কৰে । ইপিনে অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ নবীন গয়াৰী, বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ বিষয়া, জোৱান সকল উপস্থিত থাকে । এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে মুকলি কৰা শৌচালয়, গা-ধোৱা কোঠা মুকলি কৰি চিআৰপিএফ বাহিনীৰ কমাণ্ডেন্ট ৰবি মুণ্ডাই বিদ্যালয়খনৰ স্বচ্ছতা কামনা কৰে ।

লগতে পঢ়কঃ শ্ৰীনগৰৰ কৃষ্ণা ধাবাৰ মালিকৰ পুত্ৰক আক্ৰমণ কৰা তিনি সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.