ETV Bharat / state

BPF meeting in Chirang: চিৰাং জিলা বিপিএফৰ কোচ ৰাজবংশী আৰু গোৰ্খা কোষ গঠন

author img

By

Published : May 13, 2023, 12:55 PM IST

BPF cell formation in Chirang
কোচ ৰাজবংশী কোষ আৰু গোৰ্খা কোষ গঠন

চিৰাঙৰ কাজলগাঁৱত চিৰাং জিলা বিপিএফৰ কোচ ৰাজবংশী আৰু গোৰ্খা কোষ গঠন (BPF cell formation in Chirang)। মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ দুই বছৰীয়া কাৰ্যকালক ১০ নম্বৰ ভিতৰত ৪ নম্বৰ প্ৰদান খাম্ফা বৰগয়াৰীৰ ।

কোচ ৰাজবংশী কোষ আৰু গোৰ্খা কোষ গঠন

চিৰাং, ১৩ মে': চিৰাং জিলা বিপিএফৰ জিলা বিপিএফৰ কোচ ৰাজবংশী কোষ আৰু গোৰ্খা কোষ শুক্ৰবাৰে গঠন কৰা হয় (BPF meeting at Chirang)। চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত দুয়োখন কমিটী গঠন কৰে । বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ উপস্থিতিত চিৰাং জিলা বিপিএফৰ কোচ ৰাজবংশী আৰু গোৰ্খা কোষৰ চিৰাং জিলা কমিটী গঠন কৰা হয় (Former Deputy CEM of BTC) । ইয়াৰে গোৰ্খা কোষৰ জিলা সভাপতি হিচাবে সন্তোষ সাপকোটা আৰু সাধাৰণ সম্পাদক ৰূপে তাৰা কুমাৰ নেপালীক লৈ ৫১ জনীয়া কমিটীখন গঠন কৰা হৈছে । ইপিনে, প্ৰাণেশ্বৰ ৰায়ক জিলা কোচ ৰাজবংশী কোষৰ সভাপতি আৰু নন্দেশ্বৰ ৰায়ক সাধাৰণ সম্পাদক ৰূপে লৈ ৫১ জনীয়া কমিটীখন গঠন কৰা হৈছে ।

এই কমিটী গঠনত বিপিএফৰ পাৰিষদ জেমচ বসুমতাৰী আৰু পানীৰাম ব্ৰহ্মও উপস্থিত থাকে (Chirang Koch Rajbongshi cell of BPF )। কমিটী গঠনত উপস্থিত থাকি বিটিচিৰ উপ সভাপতি খাম্পা বৰগয়াৰীয়ে কয় যে বিটিচিত বিপিএফ দলে কি কাৰণত পৰাজয় বৰণ কৰিছে সেয়া নিশ্চিত হৈছে । সেয়েহে সকলো জাতি-জনগোষ্ঠীৰ লোকক লৈ পৃথকে পৃথকে বিপিএফ দলৰ কোষ গঠন কৰি দলটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে । আগন্তক লোকসভা, বিধানসভা আৰু বিটিচিৰ পাৰিষদীয় নিৰ্বাচনত ১০০ শতাংশ আসন দখলৰ নিশ্চিত বুলি দাবী কৰে খাম্ফা বৰগয়াৰীয়ে । তেওঁ লগতে অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ উন্নয়ণত দহ নম্বৰৰ ভিতৰত চাৰি নম্বৰ দিয়াৰ বিপৰীতে ইউপিপিএল দলক শূণ্য় দিয়ে ।

বিপিএফৰ দলৰ কোচ ৰাজবংশী কোষৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ ৰাজবংশীয়ে কয় যেঅসমত বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ নামত যি প্ৰতাৰণা কৰিলে যাৰ বাবে কোচ ৰাজবংশী গোষ্ঠীৰ বৃহৎ ক্ষতি হৈছে । তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী কুটিল ৰাজনীতিবিদ । তেওঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা নকৰে সেয়া নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে । এই অনুষ্ঠানটোত বিটিচিৰ পাৰিষদ জেমচ বছমতাৰী,পানীৰাম ব্ৰহ্ম,বিপিএফ দলৰ উপ সভাপতি শুদ্ধ বসুমতাৰী, চিৰাং জিলা বিএফৰ সম্পাদক ছাহানুৰ ৰহমানসহ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Dumpers Race in Nalbari: ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ৰাজপথত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.