Dumpers Race in Nalbari: ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ৰাজপথত প্ৰতিবাদ

By

Published : May 12, 2023, 11:03 PM IST

thumbnail

নলবাৰী, ১২ মে’ : নলবাৰীৰ নিজবাহজানীত ডাম্পাৰৰ দৌৰাত্ম্যত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্কুল-কলেজৰ শিক্ষাৰ্থীকে ধৰি অঞ্চলটোৰে যাতায়ত কৰা কেইবাখনো গাঁৱৰ ৰাইজে (Dumpers Race in Nalbari) । বিদ্যালয় চলি থকা অৱস্থাতেই পথচোৱাৰে অহৰহ ইখনৰ পিচত সিখন ডাম্পাৰৰ অহা যোৱা কৰাৰ ফলত অতিষ্ঠ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল ৷ 

ইপিনে শুকুৰবাৰে পথচোৱাত চলন্ত অৱস্থাত এখন ডাম্পাৰ বাগৰি পৰে (Dumper race turns into horror)৷ সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই । এই ঘটনাৰ ফলত ঘটনাস্থলীতেই থকা বাহজানী জাতীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকল আতংকিত হৈ পৰে । উল্লেখ্য যে এই পথচোৱাত দুখনকৈ চৰকাৰী স্কুল আৰু দক্ষিণ নলবাৰী মহাবিদ্যালয়ো অৱস্থিত (Dumper race turns into horror in Nalbari) ।  

এতিয়া ডাম্পাৰৰ অবাধ আহ-যাহৰ ফলত শিক্ষাৰ্থী আৰু কোনো সাধাৰণ লোক যাতে কোনো দুৰ্ঘটনাত পতিত নহয়, ইয়াৰ বাবে দিনৰ ভাগত পথচোৱাৰে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ চলাচল বন্ধ কৰিবলৈ স্থানীয় দল সংগঠন আৰু সাধাৰণ লোকে জিলা প্ৰশাসনক দাবী জনায় ।  

লগতে পঢ়ক: Landslide in Chamoli : ভূমিস্খলনৰ বাবে হৃষিকেশৰ পৰা বদ্ৰীনাথ সংযোগী ঘাইপথ বন্ধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.