ETV Bharat / state

শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে বঙালী সংগঠনসমূহ

author img

By

Published : Sep 3, 2021, 6:30 PM IST

শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ বঙালী সংগঠনসমূহ । চিৰাং জিলাৰ কেইবাটাও বঙালী সংগঠনে শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী জনাই । ভৱিষ্যতে শৃংখল চলিহাক বঙালীৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে সংগঠনৰ নেতাসকলে ।

Bengali organizations
শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল বঙালী সংগঠনসমূহ

চিৰাং,৩ ছেপ্তেম্বৰ: পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা । এগৰাকী বঙালী লোকক ধমক দিয়াৰ অভিযোগত শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বহু বঙালী সংগঠন । চিৰাং জিলাৰ কেইবাটাও বঙালী সংগঠনে শৃংখল চলিহাক মুকলি প্ৰত্যাহ্বান জনায় ।

বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ আচৰণক গৰিহণা দিয়াৰ লগতে তীব্ৰ ভাষাৰে সমালোচনা কৰে বহু লোকে । সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ (All Assam Bengali Suraksha Mancha) সভাপতি উৎপল দেৰ তীব্ৰ ক্ষোভ শৃংখল চলিহাৰ বিৰুদ্ধে । উৎপল দেৰ মতে, অসমত সকলো জাতি-জনগোষ্ঠীৰ লোক থকাৰ অধিকাৰ আছে । সেয়ে এনে ঘটনা দুৰ্ভাগ্যজনক ।

শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল বঙালী সংগঠনসমূহ

বীৰৰ নামেৰে সংগঠন খুলি দাবী ধমকিৰে লাচিত সেনাই চান্দা সংগ্ৰহ কৰে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । সেয়ে সমগ্ৰ বিষয়টোত অসম আৰক্ষীক ব্যৱস্থা ল'বলৈ আহ্বান জনাই নেতাগৰাকীয়ে । আনকি কেমেৰাৰ সন্মুখতে মুকলিভাৱে ধমকি দিয়াৰ পাছতে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে ।

আনকি বিভিন্ন কেলেংকাৰীৰ সৈতে শৃংখল চলিহা জড়িত বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে । অসমৰ বুদ্ধিজীৱিসকলক এই ক্ষেত্ৰত মাত মাতিবলৈও আহ্বান জনালে নেতাগৰাকীয়ে । আনহাতে সদৌ বিটিএডি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সভাপতি সুভজিৎ মজুমদাৰেও উভতি ধৰে শৃংখল চলিহাক । শৃংখল চলিহাৰ মন্তব্যই অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিব বুলি আশংকা ব্যক্ত কৰে সুভজিৎ মজুমদাৰে ।

শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে বঙালী সংগঠনসমূহ
শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে বঙালী সংগঠনসমূহ

সেয়ে অসম চৰকাৰক অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ দাবী জনাই নেতাগৰাকীয়ে । সুভজিৎ মজুমদাৰৰ মতে বঙালীক ধমক দিয়াৰ পৰিৱৰ্তে অসমৰ সীমান্ত অঞ্চলত গৈ মিজো আৰু মেঘালয়ৰ লোকৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগে শৃংখল চলিহাই । বঙালীৰ ইতিহাস নজনাকৈ জধে মধে মন্তব্য নিদিবলৈও শৃংখল চলিহাক সকীয়াই দিয়ে নেতাগৰাকীয়ে । সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ (All Assam Bengali Youth Students Federation) চিৰাং জিলা সভাপতি কিংকৰ দে'ই তীব্ৰ ভাষাৰে সমালোচনা কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ।

লগতে পঢ়ক :পুনৰ পুত্তলিকা জ্বলিছে: বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.