ETV Bharat / state

চিৰাঙত উপস্থিত অসম ৰাইফলছৰ চাইক্লিষ্টৰ দল

author img

By

Published : Sep 8, 2021, 10:45 AM IST

"আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে শ্বিলঙৰ পৰা দিল্লীলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে অসম ৰাইফলছৰ জোৱানে । মঙলবাৰে চিৰাঙত উপস্থিত হয় চাইক্লিষ্টৰ দলটো । চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰত উষ্ম আদৰণি জনোৱা হয় ৰেলীত অংশ লোৱা জোৱানসকলক ।

Assam Rifles cycle rally reaches Chirang
চিৰাঙত উপস্থিত অসম ৰাইফলছৰ চাইক্লিষ্টৰ দল

চিৰাং, ৮ ছেপ্তেম্বৰ : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দত এইবাৰ দেশত উদযাপন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" । অমৃত মহোৎসৱ উপলক্ষে চি আৰ পি এফ, ভাৰতীয় সেনা, সশস্ত্ৰ সীমা বল, অসম ৰাইফলছৰ জোৱানে চাইকেল ৰেলীৰ আয়োজন কৰিছে । দিল্লীৰ ৰাজঘাটলৈ উলিওৱা চাইকেল ৰেলীত অংশ লৈছে জোৱানসকলে ।

Assam Rifles cycle rally reaches Chirang
চিৰাঙত উপস্থিত অসম ৰাইফলছৰ চাইক্লিষ্টৰ দল

অসম ৰাইফলছৰ জোৱানসকলেও শ্বিলঙৰ পৰা দিল্লীলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে । 'ফ্ৰীদম চাইকেল ৰেলী'ত অংশ লোৱা ৩২ জনীয়া চাইক্লিষ্টৰ দলটো মঙলবাৰে চিৰাঙত উপস্থিত হয় আৰু ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰত জোৱানসকলক উষ্ম আদৰণি জনোৱা হয় । চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ বিষয়ববীয়াসকলে তেওঁলোকক এই যাত্ৰাৰ বাবে শুভেচ্ছা জনায় ।

জনসাধাৰণৰ মাজত স্বাস্থ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা, মুক্তিযোদ্ধা, বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য এই ৰেলী উলিওৱা হৈছে বুলি জানিবলৈ দিছে অসম ৰাইফলছৰ শীৰ্ষ বিষয়াই ।

Assam Rifles cycle rally reaches Chirang
চিৰাঙত উপস্থিত অসম ৰাইফলছৰ চাইক্লিষ্টৰ দল

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উলিওৱা চাইকেল ৰেলী ২ অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব । এই চাইকেল যাত্ৰাই ফিট ইণ্ডিয়া আন্দোলনৰ প্ৰসাৰতো সহায় কৰিছে । ইতিমধ্যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকল ৰাজঘাট অভিমুখে ৰাওনা হৈছে ।

লগতে পঢ়ক:অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.