ETV Bharat / state

APCC President Bhupen Borah: ৰাইজৰ পকেট মৰাৰ কাৰ্যসূচী লৈছে চৰকাৰে- ভূপেন বৰা

author img

By

Published : Jun 3, 2023, 9:02 PM IST

চিৰাং জিলাৰ ঢালিগাঁৱত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৷ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতাজনে (APCC President Bhupen Borah) ৷

APCC Joining Program in Chirang
চিৰাঙৰ ঢালিগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

চিৰাং জিলাৰ ঢালিগাঁৱত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী

চিৰাং, 3 জুন: চিৰাঙৰ ঢালিগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ চিৰাং জিলাৰ ঢালিগাঁৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী ৷ যোগদান কাৰ্যসূচীত শতাধিক বড়ো যুৱক-যুৱতীয়ে বিপিএফ, ইউপিপিএল দল এৰি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ লগতে এই অনুষ্ঠানতে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (APCC Joining Program in Chirang) ৷

আনহাতে ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতাজনে ৷ তেওঁ কয় যে, পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰি চৰকাৰে ৰাইজৰ পকেট মৰাৰ কাৰ্যসূচী লৈছে ৷ লগতে এই সন্দৰ্ভত বিজেপি দলক লুন্ঠনকাৰী আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (APCC President Bhupen Borah) ৷

তেওঁ কয় যে, বিজেপি দলে ৰাইজক 30 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ কথা কৈছিল লগতে নিৰ্বাচনৰ আগমুহূৰ্তত 24 ঘন্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত সেই প্ৰতিশ্ৰুতি আজিকোপতি পালন কৰিব নোৱাৰিলে বিজেপি চৰকাৰে ৷ ইফালে ৰাজস্থানত শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰে 100 ইউনিট আৰু কৰ্ণাটকত 200 ইউনিট বিদ্যুৎ ৰেহাই দিছে কংগ্ৰেছ চৰকাৰে ৷ এই ক্ষেত্ৰত কংগ্ৰেছে কথা দি কথা ৰাখিছে কিন্তু বিজেপিয়ে কথা দি কেৱল লুন্ঠন চলাইছে বিদ্যুৎ মাচুলৰ নামত বুলি মন্তব্য কৰে ভূপেন বৰাই (APCC President Bhupen Borah in Chirang) ৷

ইফালে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰ ৰাইজৰ বাবে যান্ত্ৰণাদায়ক হৈ পৰিছে বুলি মন্তব্য কৰি অৰুনোদয়ৰ নামত 1,500 টকা দি বিদ্যুৎ মাচুল 30ৰ পৰা 70 পইচা বৃদ্ধি কৰি চৰকাৰে ৰাইজৰ পকেট মৰাৰ দৰে কাম কৰিছে বুলি কয় নেতাজনে ৷ লগতে ওড়িশাত হোৱা ৰে’ল দুৰ্ঘটনাৰ বাবে ৰে’ল মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই (Bhupen Borah slams BJP) ৷

আনহাতে এই অনুষ্ঠানতে উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে চৰকাৰক সমালোচনা কৰাৰ লগতে বিপিএফ, ইউপিপিএল দলৰ নেতৃত্বক সমালোচনা কৰে ৷ সাংসদ গৰাকীয়ে কয় যে প্ৰমোদ বড়োৱে নিলাজৰ দৰে ক্ষমতা দখলৰ বাবে বিটিচিৰ ক্ষমতা অসম চৰকাৰক গতাইছে ৷ সেয়েহে আজি দলে-বলে বড়ো যুৱক-যুৱতীয়ে কংগ্ৰেছ দললৈ ঢাপলি মেলিছে বুলি কয় সাংসদগৰাকীয়ে ৷ সাংসদজনে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীক কঠোৰ ভষাৰে সমালোচনা কৰি জোনমণি ৰাভাৰ মৃত্যু আৰু তদন্ত সন্দৰ্ভত মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোক আজি পৰ্যন্ত কিয় সাক্ষাৎ নকৰিলে বুলি প্ৰশ্ন কৰে ৷ লগতে ওড়িশাত হোৱা ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে সাংসদজনে (Bhupen Borah slams Himanta Biswa Sarma) ৷

উল্লেখযোগ্য যে, কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিপিএফৰ মহিলা গোটৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰিয়া ৰানী ব্ৰহ্মৰ ঢালিগাঁওস্থিত ঘৰলৈ গৈ সৌজন্যমূলক সাক্ষাৎ কৰে (MP Abdul Khaleque in Chirang) ।

লগতে পঢ়ক: Power Minister Nandita Garlosa:হাফলঙত খেলুৱৈৰে মত বিনিময় মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.