ETV Bharat / state

Power Minister Nandita Garlosa:হাফলঙত খেলুৱৈৰে মত বিনিময় মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

author img

By

Published : Jun 3, 2023, 6:39 PM IST

হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa)।

Power Minister Nandita Garlosa
হাফলঙত জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

হাফলঙত জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

হাফলং, ৩ জুন:ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব লৈ শনিবাৰে হাফলঙত উপস্থিত হয় শক্তি, প্ৰত্নতাত্বিক, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা । তেওঁ ডিমা হাছাও জিলাৰ খেলুৱৈসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Exchange of views with Dima Hasao players)। উল্লেখ্য় যে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ কোনো এগৰাকী মন্ত্ৰীয়ে ডিমা হাছাও জিলাৰ ক্ৰীড়া সংগঠক আৰু খেলুৱৈ সকলৰ লগতে মত বিনিময় অনুষ্ঠানত ভাগ লয় ।

শনিবাৰে পুৱা হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ খেলুৱৈসকলৰ লগতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa at Dima Hasao)। এই অনুষ্ঠানতেই জ্য়েষ্ঠ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে (Felicitation of players in Dima Hasao)। শনিবাৰে এই অনুষ্ঠানত জিলা ক্ৰীড়া বিভাগৰ উপৰি ডিমা হাছাও জিলা ক্ৰীড়া সংস্থাৰ লগতে বিভিন্ন ক্লাৱে মন্ত্ৰী নন্দিতা গাৰ্লোচাক আদৰণি জনায় ।

ইপিনে, আজি এই মত বিনময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই কয়,"ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ হৈছে এটা ডাঙৰ বিভাগ আৰু এই বিভাগৰ দায়িত্ব লৈ আমি ক্ৰীড়া ক্ষেত্ৰত অসমবাসীৰ আশা আকাংক্ষা পূৰণ কৰাৰ চেষ্টা কৰি যাম । ক্ৰীড়াৰ ক্ষেত্ৰত অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ আগবঢ়াই লৈ যাব পাৰো এই ক্ষেত্ৰত আমি কাম কৰিম । "তেওঁ হিমা দাস আৰু লাভলীনা বৰগোঁহাই, নয়নমণি শইকীয়াৰ কথা উল্লেখ কৰি কয় যে এই খেলুৱৈসকলে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমৰ নাম উজলাইছে।

তেওঁ ফুটবল খেলুৱৈ বাওঁৰিংদাও বড়ো, ৰাকেশ প্ৰধানৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে কিছু দিন আগতে দক্ষিণ এছিয়া কাৰাটে চেম্পিয়নশ্বীপত ডিমা হাছাও জিলাৰ খেলুৱৈসকলে অংশ গ্ৰহণ কৰি উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । এই প্ৰতিযোগিতাত ডিমা হাছাও জিলাৰ পৰা ২২ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰি প্ৰতিযোগিতাখনিত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ৩২ টা পদক দখল কৰিবলৈ সক্ষম হয় । মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিভাবান খেলুৱৈ সকলক আনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত আৰু কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেই চেষ্টা কৰা হ'ব ৷

Assam computer teacher: কেতিয়া নিয়মীয়া হ’ব ৰাজ্যৰ 1346 গৰাকী কম্পিউটাৰ শিক্ষকৰ চাকৰি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.