ETV Bharat / state

হোজাইৰ কাণ্ডক লৈ আমছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ

author img

By

Published : Jun 2, 2021, 9:57 PM IST

Chirang AAMSU condemn Hojai incident
হোজাইৰ কাণ্ডক লৈ আমছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ

হোজাইত চিকিৎসক আক্ৰমণৰ ঘটনাক গৰিহণা আমছুৰ । সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ।

চিৰাং, 2 জুন : হোজাইৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ গৰিহণা দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ প্ৰশাসনক ঘটনাটোৰ তদন্ত কৰি উক্ত ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় হোজাই জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত ।

হোজাইৰ কাণ্ডক লৈ আমছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ

চিকিৎসক, নাৰ্চ বা স্বাস্থ্যখণ্ডৰ সৈতে জড়িত সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে । আমছুৰ সভাপতিজনে হোজাই কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় ।

উল্লেখ্য যে মঙলবাৰে হোজাই জিলাৰ উদালীত ক’ভিড চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক ক’ভিড ৰোগীৰ আত্মীয়ই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ইতিমধ্যে প্ৰশাসনে ঘটনাটোৰ লগত জড়িত 24 গৰাকীকৈ ব্যক্তিক আটক কৰিছে ৷

লগতে পঢ়ক : লংকাত চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.