ETV Bharat / state

Rice Scam : সমবায়ৰ চাউল বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত সমবায় এজেন্ট

author img

By

Published : Nov 14, 2021, 9:49 PM IST

selling cheap price rice
সমবায়ৰ চাউল বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত সমবায় এজেন্ট

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাউল বিতৰণ কৰা এজেন্টে দুৰ্নীতি কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পাচতেই চৰাইদউত আটক হৈছে সমবায় এজেন্ট ৷ চৰাইদেউ সাপেখাতী সমবায় দোকানৰ চাউল চোৰাঙকৈ বিক্ৰী কৰিব লওতেই গাড়ীসহ আটক দুজন ব্যক্তিক ৷

মৰাণ, 14 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে চৰকাৰী চাউলৰ কেলেংকাৰী ৷ ৰাজ্যৰ বিভিন্ন বিভাগত, বিভিন্ন সময়ত, বিভিন্ন অনিয়ম সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে চৰকাৰী চাউল বিতৰণ কৰা এজেন্টৰ বিৰুদ্ধে ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, চৰকাৰী চাউল বিতৰণ কৰা এজেন্টে দুৰ্নীতি কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ঘোষণাৰ পাচতো গাত কথা লগা নাই একাংশ চৰকাৰী চাউল বিতৰণ কৰা এজেন্টৰ ৷ এনে সময়তে দুৰ্নীতিৰ প্ৰশ্ৰয় লৈ চৰকাৰী চাউল বিক্ৰী কৰিবলৈ অহা এজেন্টক চৰাইদেউত হাতে-লোটে আটক কৰে স্থানীয় ৰাইজে ৷ আটকাধীন চৰকাৰী এজেন্ট গৰাকীৰ নাম হৈছে হৰেশ দাস ৷

চৰাইদউত সমবায় এজেন্টেৰ দুৰ্নীতি

লগতে পঢ়ক : পোন প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত Radio Caller সংস্থাপনৰ যো-জা

প্ৰাপ্ত তথ্য অনুসৰি, চৰাইদেউৰ সাপেখাতীৰ ২নং কঠিয়া খুন্দাত সমবায় দোকানৰ চাউল বিক্ৰী কৰিব লওতেই হাতে-লোটে নিশাই ৰাইজে গাড়ীসহ আটক কৰে সমবায় এজেণ্ট হৰেশ দাসক ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউল দৰিদ্ৰ পৰিয়ালক যোগান ধৰিব লাগে । কিন্তু দৰিদ্ৰ পৰিয়ালৰ বিপৰীতে এই চাউল ভোগ কৰিছে একাংশ মধ্যভোগী দালালে ৷

অভিযোগ অনুসৰি, শনিবাৰে নিশা চৰকাৰী চাউলৰ বস্তা সলনি কৰি আন বস্তাত চাউল ভৰাই গাড়ীত উঠাই থকা অৱস্থাতেই ৰাইজে ধৰা পেলাই হৰেশ দাসক ৷ ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত খবৰ দিয়া হয় সাপেখাতী আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, বৰ্তমানলৈকে সাপেখাতী আৰক্ষীয়ে অভিযুক্ত কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.