9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 28, 2022, 8:59 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ৷ কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক (PFI) অবৈধ সংগঠন হিচাপে ঘোষণা কৰিছে ৷

PFI ৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান: অসমত গ্ৰেপ্তাৰ হ’ল PFI ৰ ২৫ নেতা-কৰ্মী

সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২৫ জন PFI ৰ নেতা-সদস্য (Raids against PFI)। আঠখন জিলাত চলোৱা অভিযানত গ্ৰেপ্তাৰ PFI ৰ ২৫ জন নেতা-কৰ্মী ।

মাৰাত্মক আসক্তি: ইয়াৰফোন লগাই Free Fire খেলি থকা যুৱকৰ ৰেলৰ খুন্দাত মৃত্যু

অনলাইন গেমৰ আসক্তি কিমান ভয়াৱহ হ’ব পাৰে, সেয়া পুনৰ এবাৰ প্ৰতিফলিত হ’ল ছত্তীশগড়ত এক শোকাৱহ ঘটনাত ৷ ৰে'লপথত বহি জনপ্ৰিয় অনলাইন গেম Free Fire ত ব্যস্ত থকাৰ অৱস্থাতে এখন দ্ৰুতবেগী ৰে'লে মহতিয়াই নিলে এজন কিশোৰক (Train hits a youth) । ফলত থিতাতে নিহত হ’ল কিশোৰজন ৷

ধুবুৰীবাসীৰ বাবে সুখবৰ: ধুবুৰীত মুকলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

নামনি অসম বিশেষকৈ ধুবুৰীবাসীৰ বাবে এক ঐতিহাসিক দিন ৷ মঙলবাৰে জিলাখনত উচ্চশিক্ষাৰ বাবে মুকলি হ'ল প্ৰথমখন বিশ্ববিদ্যালয় (University for higher education in Dhubri) ৷ ধুবুৰীৰ ডুমুৰদহত মঙলবাৰে মুকলি হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এটি শাখা ৷

PFI ৰ বিৰুদ্ধে অভিযান: গোৱালপাৰাত আটক ১০ জন

গোৱালপাৰাত PFI ৰ বিৰুদ্ধে অভিযান চলাই ১০ জনকৈ PFI সদস্যক আটক কৰে (PFI leaders arrested in Goalpara) ৷ ইয়াৰে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তিনি সদস্য ক্ৰমে পদুপাৰাৰ মুতাহিৰ ইছলাম, গৰুছটকাৰ জহিৰুল ইছলাম আৰু পদুপাৰাৰ হাফিজ মইনুল হক বুলি জানিব পৰা গৈছে ৷ আনহাতে ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰৰ সদাগৰ আলী আৰু মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সূতাৰপাৰাৰ জমশ্বেদ আলম ৷

পৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত গণসমাৱেশ

পৃথক বড়োলেণ্ডৰ দাবীত বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ বনছুৰ উদ্যোগত কোকৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী (Demand for separate Bodoland by BoNSU) ৷ লগতে দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Debargaon H.S. School) খেলপথাৰত গণ সমাৱেশৰ আয়োজন কৰা হয় ৷

সাংবাদিকক নীতি শিক্ষা দি ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মুখ্যমন্ত্ৰীক অহ্বান লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় (AJP Press meet in Dibrugarh) ৷ জিলাখনৰ হোটেল কেতেকীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ জন বিৰোধী সিদ্ধান্তক বিৰোধিতা কৰে (Lurinjyoti Gogoi slams CM)৷

গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ তৃতীয় স্বাস্থ্য মন্থন

অসমত মাতৃ আৰু শিশু স্বাস্থ্য সেৱা উন্নীতকৰণত গুৰুত্ব আৰোপ ৰাজ্য চৰকাৰৰ । গুৱাহাটীত এন এইচ এমৰ দুদিনীয়া স্বাস্থ্য মন্থন কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) এই বিষয়ে সদৰি কৰিছে । তেওঁ কয় যে অসমত প্ৰসূতি আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাসকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

সমাগত শাৰদীয় দুৰ্গা পূজা (Durga Puja 2022)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ লাখ লাখ টকাৰ বাজেটেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মহানগৰীৰ পূজা সমিতিসমূহৰ মাজত সৃষ্টি হৈছে এতিয়া অঘোষিত প্ৰতিযোগীতা ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

পাঁচ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ অভিলেখ অসমৰ

ৰাজ্যবাসী, স্বাস্থ্যকৰ্মীক অভিনন্দন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । ২০২১ চনৰ ১৬ জানুৱাৰীত দেশৰ আন ৰাজ্যসমূহৰ লগতে অসমতো ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল । ২০ মাহতে অসমে ক’ভিড টিকাকৰণৰ ক্ষেত্ৰত ৫ কোটিৰ সীমা অতিক্ৰমৰ উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল (Assam records five crore doses of Covid vaccination)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.