পৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত গণসমাৱেশ

author img

By

Published : Sep 28, 2022, 7:48 AM IST

Demand for separate Bodoland by BoNSU in  Kokrajhar

পৃথক বড়োলেণ্ডৰ দাবীত বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ বনছুৰ উদ্যোগত কোকৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী (Demand for separate Bodoland by BoNSU) ৷ লগতে দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Debargaon H.S. School) খেলপথাৰত গণ সমাৱেশৰ আয়োজন কৰা হয় ৷

কোকৰাঝাৰ, 28 ছেপ্টেম্বৰ: বিটিআৰৰ শান্তি চুক্তিৰ (Bodo Peace Accord) পিছত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বড়োভূমিত পুনৰ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপিত হৈছে ৷ পুনৰ উচ্চাৰিত হৈছে ডিভাইড আছাম ফিফটি ফিফটি ধ্বনি ৷ বিটিআৰ আৰু বিটিআৰৰ শান্তি চুক্তিক লৈ যে বহুসংখ্যক বড়ো ৰাইজ সন্তুষ্ট অথবা আশ্বস্ত নহয় সেয়া যেন আকৌ এবাৰ প্ৰমাণিত হ’ল ৷

মঙলবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী দেৱৰগাঁও পথাৰত আয়োজিত এক গণসমাৱেশত ভাগ লৈ কেবাশতাধিক বড়ো ৰাইজে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ডিভাইড আছাম ফিফটি ফিফটি শ্ল’গান দি পৃথক বড়োলেণ্ডৰ সজোৰ দাবী উত্থাপন কৰে (Demand for separate Bodoland by BoNSU) ৷ পৃথক বড়োলেণ্ডৰ দাবীত বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন (Bodo National Students' Union) চমুকৈ বনছুৰ উদ্যোগত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Debargaon H.S. School) খেলপথাৰত আয়োজন কৰা হয় এখন গণ সমাৱেশৰো ৷

কোকৰাঝাৰত পৃথক বড়োলেণ্ডৰ দাবী বনছুৰ

সমাৱেশত অংশগ্ৰহণ কৰা বনছুৰ সভাপতি বঞ্জিত মঞ্জিল বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে পৃথক বড়োলেণ্ড নোপোৱা পৰ্যন্ত বনছুৰ আন্দোলন চলি থাকিব ৷ লগতে পৃথক ৰাজ্য আমাক লাগিবই বুলিও দাবী কৰি এয়া আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ বুলি বনছুৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখ্য যে, গণ সমাৱেশৰ কাৰ্যসূচীত কাৰ্বি আংলঙৰ এ পি এইচ এল চিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰ, পশ্চিম বংগৰ ইতিহাসবিদ হীৰাচৰণ নাৰ্জীনাৰী, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক গৰ্জন মুছাহাৰী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.