সাংবাদিকক নীতি শিক্ষা দি ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মুখ্যমন্ত্ৰীক অহ্বান লুৰীণজ্যোতি গগৈৰ

By

Published : Sep 27, 2022, 9:47 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় (AJP Press meet in Dibrugarh) ৷ জিলাখনৰ হোটেল কেতেকীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ জন বিৰোধী সিদ্ধান্তক বিৰোধিতা কৰে (Lurinjyoti Gogoi slams CM)৷ নামৰূপ সাৰ কাৰখানাক ব্যক্তিগত খণ্ডক গতাই দিব বিচৰা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সভাপতি গৰাকীয়ে কয়, বহুজাতিক কোম্পানীক শক্তিশালী কৰাৰ পৰিকল্পনা বিজেপি চৰকাৰৰ ৷ কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সদগুৰুৰ সৈতে জীপ চাফাৰী কৰা কাৰ্যৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী হ'ল বুলিয়েই সাংবাদিকক নীতি শিক্ষা দি ৰাইজক বিভ্ৰান্ত নকৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বহু তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে বুলি উল্লেখ কৰে গগৈয়ে ৷ তেওঁ লগতে কয় যে, বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি আৰু ছিণ্ডিকেটে শিপাই আছে ৷ ইফালে মুখ্যমন্ত্ৰীৰ ছত্ৰছাঁয়াতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই (Margherita MLA Bhaskar Sarma) কয়লা ছিণ্ডিকেট আৰম্ভ কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.