PFI ৰ বিৰুদ্ধে অভিযান: গোৱালপাৰাত আটক ১০ জন

author img

By

Published : Sep 27, 2022, 2:25 PM IST

PFI leaders arrested in Goalpara

গোৱালপাৰাত PFI ৰ বিৰুদ্ধে অভিযান চলাই ১০ জনকৈ PFI সদস্যক আটক কৰে (PFI leaders arrested in Goalpara) ৷ ইয়াৰে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তিনি সদস্য ক্ৰমে পদুপাৰাৰ মুতাহিৰ ইছলাম, গৰুছটকাৰ জহিৰুল ইছলাম আৰু পদুপাৰাৰ হাফিজ মইনুল হক বুলি জানিব পৰা গৈছে ৷ আনহাতে ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰৰ সদাগৰ আলী আৰু মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সূতাৰপাৰাৰ জমশ্বেদ আলম ৷

গোৱালপাৰা, 27 ছেপ্টেম্বৰ: ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান (Raids against PFI)। অসমতো অব্যাহত আছে ব্যাপক অভিযান । অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে । সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২৫ জন PFI ৰ নেতা-সদস্য (PFI leaders arrested Across Assam)।

গোৱালপাৰাত PFI ৰ বিৰুদ্ধে অভিযান চলাই ১০ জনকৈ PFI সদস্যক আটক কৰে (PFI leaders arrested in Goalpara) ৷ ইয়াৰে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তিনি সদস্য ক্ৰমে পদুপাৰাৰ মুতাহিৰ ইছলাম, গৰুছটকাৰ জহিৰুল ইছলাম আৰু পদুপাৰাৰ হাফিজ মইনুল হক বুলি জানিব পৰা গৈছে ৷

আনহাতে ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰৰ সদাগৰ আলী আৰু মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সূতাৰপাৰাৰ জমশ্বেদ আলম ৷ উল্লেখ্য যে, ইয়াৰে ধূপধৰা থানাৰ অন্তৰ্গত পদুপাৰাৰ মুতাহিৰ ইছলাম আৰু হাফিজ মইনুল হক দুয়ো ভাই ককাই ৷

PFI ৰ বিৰুদ্ধে অভিযান: গোৱালপাৰাত আটক ১০ জন

বৰ্তমান ইয়াৰে ৫জন PFI ৰ সদস্যৰ ৩ জনক দুধনৈ আৰক্ষী থানাত আৰু ২ জনক বৰ্তমান ধূপধৰা থানাত ৰখা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটাইকে আৰক্ষী থানাত ৷ ইফালে লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ PFI ৰ সদস্যক আটক কৰাৰ লগকে গোৱালপাৰা চহৰৰ পৰা এটা PFI ৰ সদস্যক আটক কৰিছে গোৱালপাৰা আৰক্ষীয়ে ৷

আটাইকে আগিয়া আৰক্ষী থানাত জেৰা অব্যহাত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সৰ্বমুঠ ১০ গৰাকী PFI ৰ সদস্যক আটক কৰিছে গোৱালপাৰা আৰক্ষীয়ে ৷ অধিক আটক কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে মহা পৰিদৰ্শকগৰাকীয়ে ।

উল্লেখ্য যে মহা পৰিদৰ্শকগৰাকীক PFI ৰ সদস্যৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অনুসন্ধান চলি আছে, অনুসন্ধানৰ শেষত হে এই বিষয়ে মন্তব্য কৰিব পৰা যাব ৷

লগতে পঢ়ক: আৰক্ষীৰ অভিযানত বৰপেটাত আটক বহু সংখ্যক PFI কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.