ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 14, 2022, 2:57 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

জলমগ্ন মহানগৰীত জলবন্দী মহানাগৰিক

সোমবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত জলমগ্ন হ'ল মহানগৰীৰ গৰিষ্ঠ সংখ্যক অঞ্চল (Guwahati under Artificial flood) । ব্যাহত হৈ পৰিছে যাতায়ত ৷ লগতে মহানগৰীৰ কেইবা ঠাইতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা(Landslide in Guwahati) ৷

ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ৰেড এলাৰ্ট জাৰি

মূষলধাৰ বৰষুণে উটুৱাই নিছে মহানগৰীৰ অভিজাত্য । কৃত্ৰিম বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ(Flood in Guwahati) । নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাৰি কৰিলে ৰেড এলাৰ্ট ।

Rahul appears before ED : দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত দ্বিতীয় দিনাও EDৰ কাৰ্যালত জেৰা চলোৱা হ'ব ৰাহুল গান্ধীক । পুৱাই কাৰ্যালয়টোত উপস্থিত কংগ্ৰেছ নেতাগৰাকী (Rahul arrives at ED office)। ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও তেওঁৰ সৈতে উপস্থিত কাৰ্যালয়ত ।

লখিমপুৰৰ তিনি কোটি টকীয়া পথৰ ওপৰত পানী

লখিমপুৰ নগৰৰ গাতে লাগি থকা কেন্দ্রীয় আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা পথে জলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ তিনি কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটিৰ দুৰৱস্থাৰ ফলত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে(Flood in Lakhimpur) ৷

ধন দাবী কৰি আৰক্ষীৰ জালত দুই ভুৱা NDFB কেডাৰ

বঙাইগাঁৱত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল দুই ভুৱা এনডিএফবি কেডাৰ (Fake NDFB cadre arrested)৷ আৰক্ষীয়ে জনোৱা অনুসৰি যুৱক দুজনে কোনো সংগঠনৰ কেডাৰ নহয় ৷

Prophet Mohammad controversy : হায়দৰাবাদত নূপুৰ শৰ্মাৰ সমৰ্থনত সমদল

সোমবাৰে নিশা হায়দৰাবাদৰ হাচমাথপেট অঞ্চলত একাংশ ব্যক্তিয়ে নূপুৰ শৰ্মাৰ সমৰ্থনত মমবাতিৰ ৰেলী উলিয়াই (Rally in support of Nupur Sharma)। একাংশ লোকে এই সমদলক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰু সংঘৰ্ষত লিপ্ত হয় । পৰস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন ।

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ডিফুৰ টাউন হলত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ দলীয় পতাকা উত্তোলন কৰি আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক সভাপতি ভবেশ কলিতাই(BJP state executive meeting held in Diphu) ৷

লামডিঙত অসম ভিত্তিত ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা

ডিমা হাছাও ভাৰোত্তোলন সন্থা আৰু লামডিং লিঅ'পাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰে'লৱে ইনষ্টিটিউটত অসম ভিত্তিত অনুষ্ঠিত হয় ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা (Weightlifting and arm wrestling competition in Lumding)। অসমৰ মুঠ ৭ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ৭০ ৰো অধিক খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাত ৷

কাজিৰঙাৰ এনিমেল কৰিড’ৰত চাইকেল আৰোহীক আক্ৰমণ নাহৰফুটুকীৰ

কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ স্বয়ংক্ৰিয় কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য (Sensor camera Animal Corridor in Kaziranga)। বাঘৰ মুখত চাইকেল আৰোহী ৷

সুশান্তৰ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ ৰিয়া চক্ৰৱৰ্তীয়ে ক’লে, ‘সদায় মনত পেলাওঁ তোমাক’

সুশান্তৰ সৈতে কটোৱা নিবিড় মূহুৰ্তৰ ফটো আপলোড কৰি ৰিয়াই কেপছনত লিখিলে, 'miss you every day' ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.