কাজিৰঙাৰ এনিমেল কৰিড’ৰত চাইকেল আৰোহীক আক্ৰমণ নাহৰফুটুকীৰ

author img

By

Published : Jun 14, 2022, 1:25 PM IST

Leopard attacks cyclist in Animal Corridor in Kaziranga

কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ স্বয়ংক্ৰিয় কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য (Sensor camera Animal Corridor in Kaziranga)। বাঘৰ মুখত চাইকেল আৰোহী ৷ তাৰ পিছত.......

বোকাখাট, 14 জুন : কাজিৰঙাৰ ৰাজপথ কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য (Thrilling incident in Kazirang) ৷ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ৷ কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিড'ৰত চাইকেলেৰে এজন লোক গৈ থকা অৱস্থাত এটা নাহৰফুটুকী বাঘে চোঁচা মাৰি আহে (Leopard attacks cyclist) ৷ কথমপি প্ৰাণ ৰক্ষা পৰে চাইকেল আৰোহীজনৰ ৷ এতিয়ালৈ চাইকেল আৰোহীজনৰ কোনো ক্ষতি হোৱা নাই ৷ এনিমেল কৰিড’ৰটোত থকা স্বয়ংক্ৰিয় কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য (Sensor camera Animal Corridor in Kaziranga)।

ইফালে বানপানীৰ আগমূহুৰ্তত এই কৰিড’ৰেদি কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ সঘনাই বন্যজন্তুৰ আহ-যাহ হয় ৷ গতিকে যিকোনো মূহুৰ্তত পথচাৰী আৰু বন্যজন্তুৰ মুখামুখি হোৱাৰ সম্ভাৱনা বেছি হয় ৷ সেইবাবে উক্ত অঞ্চলত নিজৰ সুৰক্ষাৰ বাবে যাত্ৰীসকলক বাহন ৰখাবলৈ বাধা প্ৰদান কৰাৰ লগতে সতৰ্ক হৈ বাহন চলাবলৈ আহ্বান জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷

leopard-attacks-cyclist-in-animal-corridor-in-kaziranga

আনহাতে 10 জুন তাৰিখে কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্যান কৰ্তৃপক্ষই বেৰিকেড স্থাপনৰ লগতে সক্ৰিয় কৰিছে এনিমেল চেনচৰ কেমেৰা । ইতিমধ্যে কিছু সংখ্যক বন্যপ্ৰাণীয়ে কাৰ্বি পাহাৰ অভিমুখে যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷

এই যাত্ৰাত যাতে কোনো কাৰণতে বন্যপ্ৰাণী যান-বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু মুখত নপৰে তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ অতিকৈ স্পৰ্শকাতৰ পানবাৰী আৰু হালধিবাৰী এনিমেল কৰিডৰত স্থাপন কৰিছে বেৰিকেডৰ লগতে এনিমেল চেনচৰ কেমেৰা (Animal corridor at Panbari under Bokakhat) ৷ ঘণ্টাত 40 কিলোমিটাৰৰ অধিক বেগেৰে পাৰ হৈ যোৱা যান-বাহন চেনচৰ কেমেৰাত ধৰা পৰিলে প্ৰতিখন বাহনে ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা ৷

লগতে চাওক : Kaziranga National Park: নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লাগিব পাঁচ হাজাৰ টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.