তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 20, 2021, 3:03 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Farm bills repeal: কলগাছিয়াৰ কৃষক সভাৰ উচাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে বহু বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ (Farm bills repeal) কথা ৷ প্ৰায় এবছৰ ধৰি ধাৰাবাহিক কৃষক আন্দোলন অব্যাহত থকাৰ সময়তে এই ঘোষণাৰ বাবে সংগঠনসমূহৰ মাজত দেখা গৈছে আনন্দ উচাহ ৷ লগতে এই সিদ্ধান্তক স্বাগতম জনাইছে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটিয়ে ।

Land Mafia Dr Rahmat Ali Laskar Arrest : হোজাই আৰক্ষীৰ জালত সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰ

নিজকে প্ৰকৃতিপ্ৰেমী বুলি পৰিচয় দিয়া সন্দেহযুক্ত ভূ-মাফিয়া ড৹ ৰহমত আলী লস্কৰক আটক (Land Mafia Dr Rahmat Ali Laskar Arrest)হোজাই আৰক্ষী(Hojai Police)ৰ ৷ কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা ভূ-মাফিয়া নজৰুল ইছলাম (Land Mafia Nazrul Islam)ৰ সহযোগী হিচাপে কাম কৰাৰ সন্দেহত ৰহমত আলীক আটক কৰিছে আৰক্ষীয়ে ৷

Tripura Municipal Election: আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বেলট পেপাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । সদৰ মহকুমা প্ৰশাসনৰ অধীনত প্ৰায় ২,৭০০ গৰাকী কৰ্মচাৰীয়ে ৫১ টা ৱাৰ্ডৰ বাবে ভোট দান কৰিব । সমগ্ৰ আগৰতলা পৌৰ নিগমৰ ৫১ টা ৱাৰ্ডৰ বাবে ৬০ গৰাকী খণ্ড দণ্ডাধীশক দায়িত্ব দিয়া হৈছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে আৰক্ষী সঞ্চালক প্ৰধানৰ বাৰ্ষিক সন্মিলন । এইবাৰ লক্ষ্ণৌত আয়োজন কৰা হৈছে এই সন্মিলনৰ । বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ উপৰিও বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিব এই সন্মিলনত ।

ৰাজ্যসমূহক Aviation Fuelৰ ভেট হ্ৰাসৰ আহ্বান বিমান পৰিবহণ মন্ত্ৰীৰ

দেশত বিমানৰ চলাচল বৃদ্ধিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । কিন্তু জেট ইন্ধনৰ ক্ষেত্ৰত থকা ৰাজ্যসমূহৰ ভেটৰ গাঁথনিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে । যাৰ বাবে সকলো ৰাজ্যকে ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী (Civil Aviation Minister) জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia)।

হঠাৎ কিয় মাজুলীলৈ গ’ল সৰ্বানন্দ সোণোৱাল !

মাজুলীৰ প্ৰত্যেকজন ব্যক্তিয়েই ৰাসত মনে-প্ৰাণ ঢালি জড়িত হৈ পৰে বাবেই মাজুলীৰ ৰাস (Majuli Raas)ৰ এক স্বকীয়তা আছে ৷ মাজুলীত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ ৷ সাংবাদিকৰ আগত তেখেতে মন্তব্য কৰি কয়, মাজুলীৰ ৰাইজ ঐতিজ্য আৰু পৰম্পৰাৰে সাঙোৰ খাই আছে ৷

সৰভোগত পিঞ্জৰাৱদ্ধ এটা Black Bear

বৰপেটা জিলাৰ সৰভোগত শুকুৰবাৰে নিশাৰ ভাগত উদ্ধাৰ হয় এটা ক’লা ভালুক(Black Bear) ৷ সৰভোগ নিৱাসী ফজল হক নামৰ লোকজনৰ গোহালি ঘৰত ওচৰ-চুবুৰীয়াই হঠাৎ প্ৰত্যক্ষ কৰে ভালুকটো । ভালুকটো প্ৰত্যক্ষ কৰি সৰভোগৰ বেচৰকাৰী সংস্থা ‘EARTH’ক অৱগত কৰাৰ পাচত সংস্থাটোৰ বিষয়ববীয়াই বন বিভাগ(Forest Department)ৰ ৰেঞ্জাৰক খবৰ দিয়ে ৷

Farm bills repeal: কলগাছিয়াৰ কৃষক সভাৰ উচাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে বহু বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ (Farm bills repeal) কথা ৷ প্ৰায় এবছৰ ধৰি ধাৰাবাহিক কৃষক আন্দোলন অব্যাহত থকাৰ সময়তে এই ঘোষণাৰ বাবে সংগঠনসমূহৰ মাজত দেখা গৈছে আনন্দ উচাহ ৷ লগতে এই সিদ্ধান্তক স্বাগতম জনাইছে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটিয়ে ।

ধুবুৰীত জলপথেৰে সৰৱৰাহ চোৰাং চাউল

ধুুবুৰীত জলপথৰে চলিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে জব্দ কৰে প্ৰায় 20 কুইণ্টল চাউল ৷

Encounter : কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ দুধৰ্ষ ড্ৰাগছ মাফিয়া

শুকুৰবাৰে নিশা কামৰূপ আৰক্ষী(Kamrup Police)ৰ এনকাউণ্টাৰ(Encounter) ৷ আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ এটা কুখ্যাত ড্ৰাগছ মাফিয়া(Drugs Mafia) ৷ ভৰিত আঘাতপ্ৰাপ্ত ড্ৰাগছ মাফিয়াটোক কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.