ধুবুৰীত জলপথেৰে সৰৱৰাহ চোৰাং চাউল

author img

By

Published : Nov 20, 2021, 9:47 AM IST

Updated : Nov 20, 2021, 2:58 PM IST

pds-rice-black-market
ধুবুৰীত জলপথেৰে সৰৱৰাহ চোৰাং চাউল ()

ধুুবুৰীত জলপথৰে চলিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে জব্দ কৰে প্ৰায় 20 কুইণ্টল চাউল ৷

ধুবুৰী, 20 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে চোৰাং ভাৱে সৰৱৰাহ কৰা বগা চাউলৰ এক ৰমৰমীয়া বেহা ৷ আৰক্ষী বিভাগলৈ কোনো কেৰেপ নকৰি দুষ্টচক্ৰই চলাই গৈছে চাউলৰ অবাধ ব্যৱসায় ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ হৈ অহা চাউল জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত একাংশক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও চলি আছে চাউলৰ চোৰাং সৰবৰাহ ৷ কিন্তু এইবাৰ স্থলপথেৰে নহয় জলপথেৰে সৰৱৰাহ হৈছে চোৰাং চাউল ৷

শুকুৰবাৰে এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ এ এম কো ৰোড আৰক্ষীৰ দল এটাই ধুবুৰীৰ নিউঘাটত অভিযান চলাই জব্দ কৰে প্ৰায় 39 বস্তা চোৰাং চাউল । এই চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থা চমুকৈ 'পি ডি এছ'ৰ বুলি জানিব পৰা গৈছে ৷

নিউঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যন্ত্ৰ চালিত নাঁৱৰ জৰিয়তে সীমান্তৰ পাটামাৰী-টাকিমাৰী অঞ্চললৈ নিয়াৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে এই চাউলখিনি । ইফালে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা চোৰাং বেপাৰীকেইজনে পলায়ন কৰে যদিও আৰক্ষী এই বৃহৎ পৰিমাণৰ পি ডি এছৰ চাউলখিনি জব্দ কৰে ৷

উল্লেখ্য যে, এচাম দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই গৈছে চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় । এনেক্ষেত্ৰত জলপথেৰে এনেদৰে চাউল সৰৱৰাহৰ এই ঘটনাৰ তদন্ত কিমান ক্ষীপ্ৰতাৰে গ্ৰহণ কৰে সংশ্লিষ্ট বিভাগে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : কলগাছিয়াত জলপথেৰে সৰবৰাহ চোৰাং চাউল

Last Updated :Nov 20, 2021, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.