সৰভোগত পিঞ্জৰাৱদ্ধ এটা Black Bear

By

Published : Nov 20, 2021, 10:47 AM IST

thumbnail
()

বৰপেটা জিলাৰ সৰভোগত শুকুৰবাৰে নিশাৰ ভাগত উদ্ধাৰ হয় এটা ক’লা ভালুক(Black Bear) ৷ সৰভোগ নিৱাসী ফজল হক নামৰ লোকজনৰ গোহালি ঘৰত ওচৰ-চুবুৰীয়াই হঠাৎ প্ৰত্যক্ষ কৰে ভালুকটো । ভালুকটো প্ৰত্যক্ষ কৰি সৰভোগৰ বেচৰকাৰী সংস্থা ‘EARTH’ক অৱগত কৰাৰ পাচত সংস্থাটোৰ বিষয়ববীয়াই বন বিভাগ(Forest Department)ৰ ৰেঞ্জাৰক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ ৰেঞ্জাৰৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান(Manas National Park)ৰ পাণবাৰী বন খণ্ডৰ বন বিষয়া-বনকৰ্মীসকলে ভালুকটো পিঞ্জৰাত আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ ভালুকটো পাণবাৰী বন খণ্ডৰ অন্তৰ্গত গাভৰুখুন্দাত ৰাখি স্বাস্থ্য পৰীক্ষা কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ব বন বিষয়াই জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.