Land Mafia Dr Rahmat Ali Laskar Arrest : হোজাই আৰক্ষীৰ জালত সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰ

author img

By

Published : Nov 20, 2021, 2:24 PM IST

suspected-land-mafia-rahmat-ali-laskar-arrests
সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰক আটক ()

নিজকে প্ৰকৃতিপ্ৰেমী বুলি পৰিচয় দিয়া সন্দেহযুক্ত ভূ-মাফিয়া ড৹ ৰহমত আলী লস্কৰক আটক (Land Mafia Dr Rahmat Ali Laskar Arrest)হোজাই আৰক্ষী(Hojai Police)ৰ ৷ কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা ভূ-মাফিয়া নজৰুল ইছলাম (Land Mafia Nazrul Islam)ৰ সহযোগী হিচাপে কাম কৰাৰ সন্দেহত ৰহমত আলীক আটক কৰিছে আৰক্ষীয়ে ৷

হোজাই, 20 নৱেম্বৰ : কুখ্যাত ভূ-মাফিয়া নজৰুল ইছলাম (Land Mafia Nazrul Islam)ৰ পাচতে এইবাৰ এইবাৰ আন এটা সন্দেহযুক্ত ভূ-মাফিয়া ড৹ ৰহমত আলী লস্কৰক আটক (Land Mafia Dr Rahmat Ali Laskar Arrest) কৰিছে হোজাই আৰক্ষী(Hojai Police)য়ে ৷ হোজাইৰ চৰকাৰী ভূমি(Govt Land)ত ধনৰ বিনিময়ত একাংশ লোকক থাকি খেতি কৰাৰ সুবিধা কৰি দিয়া কাৰ্যত জড়িত থকা নজৰুলৰ সহায়ক হিচাপে আছিল ৰহমত আলী ৷

গ্ৰেপ্তাৰ হোৱা নজৰুলৰ লগতে ভূ-মাফিয়া ৰহমত আলীৰ বিৰুদ্ধেও উত্থাপন হৈছিল এই অভিযোগ ৷ জানিব পৰা মতে, বিগত 9 নৱেম্বৰত লামডিং সংৰক্ষিত বনাঞ্চল(Lumding Reserve Forest)ত বেদখল(Eviction) কৰি থকা একাংশ উচ্ছেদিত লোক আৰু ৰহমত আলীৰ সৃষ্টি হৈছিল সংঘাতৰ ৷

suspected-land-mafia-rahmat-ali-laskar-arrests
সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰক আটক

সিদিনাই লামডিঙৰ জানজুৰ অঞ্চলত শিবিৰ পাতি থকা উচ্ছেদিত লোকসকলৰ খবৰ ল’বলৈ গৈছিল ৰহমত আলী লস্কৰে । কিন্তু একাংশ উচ্ছেদিত লোক হঠাৎ উত্তেজিত হৈ তেওঁৰ সৈতে কথাৰ কটাকটিত লিপ্ত হয় ৷ প্ৰকৃতিপ্ৰেমী হিচাপে পৰিচিত সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব বুলি প্ৰলোভন দি তেওঁলোকৰ পৰা ধন বিচৰা বুলি অভিযোগ তুলিছে উচ্ছেদিত লোকসকলে ।

লগতে পঢ়ক : Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল

তদুপৰি উচ্ছেদিত লোকসকলে কৰা শস্য নষ্ট নোহোৱাকৈ তেওঁলোকে লাভ কৰাৰ ব্যৱস্থা কৰি দিব বুলিও প্ৰলোভন দিছিল ৰহমত আলীয়ে । এই ঘটনাক কেন্দ্ৰ কৰিয়েই উচ্ছেদিত লোক আৰু ড৹ লস্কৰৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ সন্দেহযুক্ত ভূ-মাফিয়া লস্কৰে নিজা বাহনেৰে সেই স্থানৰ পৰা আঁতৰি যাবলৈ বিচৰাত তেওঁৰ বাহনৰ খুন্দাত আহত হয় এগৰাকী মহিলা ৷

suspected-land-mafia-rahmat-ali-laskar-arrests
সন্দেহযুক্ত ভূ-মাফিয়া ৰহমত আলী লস্কৰক আটক

ইয়াৰ পাচতে ক্ষুব্ধ হৈ উচ্ছেদিত একাংশ লোকে ৰহমত আলী লস্কৰক বাহনৰ পৰা টানি আনি মাটিত বগৰাই প্ৰহাৰ কৰে । ঘটনাস্থলীত উপস্থিত থকা একাংশ সাংবাদিক আৰু শুভাকাংক্ষী তৎপৰ হৈ উত্তেজিত লোকসকলৰ কবলৰ পৰা ড৹ লস্কৰক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।

উচ্ছেদিত লোকৰ আক্ৰমণৰ বলি হোৱা ৰহমত আলী লস্কৰ চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল হোজাইৰ হাম চিকিৎসালয়ত । ইয়াৰ পাচত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত হোজাইৰ ব্যক্তিগত চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱাৰ সময়তেই ভূ-মাফিয়া হিচাপে জড়িত থকাৰ অভিযোগত ৰহমত আলীক আটক কৰিছে আৰক্ষীয়ে ।

অৱশ্যে শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰহমত আলীক আৰক্ষীৰ নিৰীক্ষণত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH)লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে হোজাই আৰক্ষীয়ে । বৰ্তমান আৰক্ষীৰ নিৰীক্ষণত জি এম চি এইছত চিকিৎসাধীন হৈ আছে অভিযুক্ত ৰহমত আলী লস্কৰ ৷

লগতে পঢ়ক : Hojai Encounter : পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলিয়ালে নজৰুলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.