প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত

author img

By

Published : Nov 20, 2021, 10:43 AM IST

DGP conference
প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত ()

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে আৰক্ষী সঞ্চালক প্ৰধানৰ বাৰ্ষিক সন্মিলন । এইবাৰ লক্ষ্ণৌত আয়োজন কৰা হৈছে এই সন্মিলনৰ । বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ উপৰিও বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিব এই সন্মিলনত ।

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ২০ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰক্ষী সঞ্চালক প্ৰধান (DGP) আৰু আৰক্ষী মহাপৰিদৰ্শকৰ (IGP) ৫৬ সংখ্যক সন্মিলন । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi)। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (Central Armed Police Forces) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ (Central Police Organizations) মুৰব্বীসকলে সন্মিলনখনত অংশগ্ৰহণ কৰিব ।

ইয়াৰ উপৰিও প্ৰায় ৩৭ টা স্থানৰ পৰা আইবি আৰু এছআইবি (SIB) মুখ্য কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলে ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । মূলতঃ চাইবাৰ অপৰাধ (Cyber Crime), তথ্য শাসন(Data Governanc), সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান (Counter-Terrorism challenges), বাওঁপন্থী উগ্ৰবাদ (Left Wing Extremism), নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ প্ৰৱণতা (Narcotics trafficking), কাৰাগাৰ সংস্কাৰৰ (Prison Reforms) উপৰিও কেইবাটাও বিষয়ত এই সন্মিলনত আলোচনা কৰা হ'ব ।

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে ডিজিপি সন্মিলন অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰিছে । তেওঁ সন্মিলনৰ সকলো অধিৱেশনত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছে লগতে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰক্ষীসকলক মুক্তভাৱে সকলো বিষয় উত্থাপন কৰাৰ এক সুযোগ প্ৰদান কৰিছে ।

পূৰ্বে এই সন্মিলন দিল্লীত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে ২০২০ চনক বাদ দি ২০১৪ চনৰ পৰা দিল্লীৰ বাহিৰতো এই বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰা হৈছে । এই সন্মিলন ২০১৪ চনত গুৱাহাটীত আয়োজন কৰা হৈছিল । ২০১৫ চনত ৰাণ অব কচ্ছৰৰ ধোৰ্ডোত, ২০১৬ চনত হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী (National Police Academy),২০১৭ চনত টোকনপুৰৰ বিএছএফ একাডেমী (BSF Academy),২০১৮ চনত কেৱাদিয়া আৰু ২০১৯ চনত পুনেৰ আই.আই.এছ.ই.আৰত (IISER) অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :Amar Chandra Banthia : নিৰস্ত্ৰ হৈয়ো ব্ৰিটিছক হতবাক কৰা মানুহজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.