ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 16, 2022, 1:02 PM IST

Updated : Apr 16, 2022, 6:10 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

ছয় বিদ্ৰোহী সংগঠনৰ সদস্যলৈ চাৰিলাখ টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীৰ

দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে কাৰ্বি আংলং জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM visit Karbi Anglong)। কেইবাটাও অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে । শান্তিচুক্তিৰ জৰিয়তে মূলসূঁতিলৈ অহা প্ৰায় দুই হাজাৰ উগ্ৰপন্থী সংগঠনৰ সদস্যক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান । ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১১০ কোটি টকাৰ আঁচনি ।

বন্ধুৰ ঘৰত বিহু উদযাপন জনপ্ৰিয় অভিনেতা কেকে-মোহনৰ

টীয়কত বন্ধুৰ উপস্থিত বেহাৰবাৰী আউটপোষ্টৰ দুই অভিনেতা ৷ বন্ধুৰ ঘৰত উপস্থিত হৈ বিহু উদযাপন কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহনে(Actor K K and Mohan visits teok) ৷

ব্যক্তিগত বাহনলৈ শিল দলিয়াই ডকাইতে সংঘটিত কৰে ডকাইতিকাণ্ড

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ ঊষা গৰঙাত অঘটন ৷ ডকাইতৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয় কেইবাখনো বাহন (Robbers attacked at Usha Goronga) ৷ বিগত প্ৰায় দুমাহত ঊষা গৰঙা পাঁচ আলিৰ চাহ বাগিচাত ডকাইতৰ শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন ব্যক্তিগত বাহন ।

কলিয়াবৰত জীনা ৰাজকুমাৰীৰ জনগোষ্ঠীয় নৃত‍্য-গীত পৰিৱেশন

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি আকৌ আহিল অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ৰঙালী বিহু । বিহুৰ ঐতিহ‍্য ৰক্ষা কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ পূৰ্বৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা(Kaliabor AASU Bihu 2022)ই কুঁৱৰীটোল গান্ধী খেলপথাৰত ৰঙালী বিহু উদযাপন কৰে ।

Rangali Bihu celebration in Sonitpur: চাৰিদুৱাৰত বিহু নাচিলে বিধায়ক পদ্ম হাজৰিকাই

‘‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোঁ ৷ তাতোকৈ চেনেহৰ ৰঙালী বিহুটি, নেনাচি কেনেকৈ থাকো’’ ৷ ঢোল-পেঁপাৰ মাতত এতিয়া ৰজন জনাইছে ৰাজ্যৰ চৌদিশ (Rangali Bihu in Assam) ৷ ডেকা-বুঢ়া সকলোৰে গাত নাই এতিয়া তত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক পদ্ম হাজৰিকা(MLA Padma Hazarika)ও ৷ পহিলা ব'হাগৰ দিনাই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ কন্যকাত উপস্থিত হৈ এপাক বিহু নাচিলে বিধায়ক গৰাকীয়েও ৷

মুখ্যমন্ত্ৰী সমষ্টিৰ ৭নং ৱাৰ্ডত ১২ বছৰে সমাধান নহ'ল খোৱাপানীৰ সমস্যা

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 (GMC elections 2022) লৈ মাজত আৰু কেইটামান দিন বাকী ৷ এতিয়া সকলো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হৈছে গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান কৰা ৷ এই সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট...

Rangali Bihu 2022 : লংকাত মহিলাৰ দ্বাৰা হুঁচৰি পৰিৱেশন

আৰম্ভ হৈছে ৰঙালী(Rangali Bihu 2022)ৰ উছাহ ৷ হোজাইৰ লংকা অঞ্চলৰ মহিলাসকলে দৈনন্দিন কৰ্তব্য সম্পাদন কৰাৰ পিছত সন্ধিয়া সময়ত হুঁচৰি পৰিৱেশন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মহিলাৰ দলটোৱে হুঁচৰিৰ জৰিয়তে উপাৰ্জন কৰা ধন মন্দিৰ অথবা নামঘৰত দান কৰিব বুলিও সদৰি কৰে ৷

তেজপুৰত ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিলৈ নৰ্থ অসম চেম্বাৰচ অফ কমাৰ্চৰ সন্মান

পহিলা ব'হাগৰ দিনাই পূৰ্বৰ পৰম্পৰা অনুসৰি তেজপুৰত নৰ্থ অসম চেম্বাৰচ অৱ কমাৰ্চে সন্মান জনালে ৭০ বছৰৰ উৰ্ধৰ ২৭ গৰাকী ব্যক্তিক (septuagenarian felicitated by North Assam Chambers of Commerce) ৷

খনিজাত সামগ্ৰীৰ পৰা ২৫৩৮.৭৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ চৰকাৰৰ

ৰাজ্যত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ (Revenue collection in Assam increases)। পৰিবহণৰ পাছতে খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি । খনি আৰু খনিজাত বিভাগৰ অধীনত থকা সামগ্ৰীৰ পৰা পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এইবছৰত অভিলেখ সংখ্যক ৰয়েলিটি সংগ্ৰহ হৈছে । খনিজাত সামগ্ৰীৰ ৰাজহ বৃদ্ধিৰ হাৰ ৭০.৪৭ শতাংশ । ২০২২-২৩ বিত্তীয় বৰ্ষত আৰু অধিক ৰয়েলিটি সংগ্ৰহৰ লক্ষ্য ।

দিখৌ নদীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু

শিৱসাগৰৰ দিখৌ নৈত অস্বাভাৱিক হাৰত মৃত্যু মাছ(Fish dies in Dikhou River)ৰ ৷ এই ঘটনা সংঘটিত হৈছে পহিলা ব’হাগৰ দিনটোতে ৷ আকস্মিকভাৱে মৃত্যু ঘটা মাছসমূহ নৈখনত ওপঙি উঠাত মৃত মাছ ধৰিবলৈ নৈৰ পাৰ ভৰি পৰে স্থানীয় লোকেৰে ৷ বিশেষকৈ দিখৌৰ দুলীয়া, দিচিয়াল, ধনেখোৱা আদি অঞ্চলত মৃত মাছ উপঙি উঠা পৰিলক্ষিত হয় ৷

Last Updated : Apr 16, 2022, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.