1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 31, 2021, 1:01 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

খিমপুৰৰ বাবে আন এক ভাল খবৰ ৷ লখিমপুৰৰ পৰা গুৱাহাটীলৈ চলিব ফ্লাইবিগৰ যাত্ৰীবাহী বিমান ৷

37 সংখ্যক মৃত্যুতিথিত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 37 সংখ্যক মৃত্যু তিথি ৷ সেই উপলক্ষে নাতি ৰাহুল গান্ধীয়ে পুৱাৰ ভাগতে নেত্ৰীগৰাকীৰ সমাধিলৈ গৈ শ্ৰদ্ধা নিবেদন কৰে ৷

কলিয়াবৰ-ছয়গাঁৱত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

শনিবাৰে কলিয়াবৰ আৰু ছয়গাঁৱত অবৈধ সুৰা তথা গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু গাঞ্জা ৷

24 ঘণ্টাত ৰাজ্যত 283 গৰাকী ক’ভিড 19 ত আক্ৰান্ত, মৃত্যু 4

অসমত বিগত কিছুদিনত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ৰাজ্যত 283 গৰাকী লোক নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷

ধাৰাবাহিকভাৱে মূল্য়বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ

শনিবাৰৰ তুলনাত দেওবাৰে প্ৰতি লিটাৰত 35 পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷

মৃতদেহ উদ্ধাৰক লৈ বৰপেটা-টীয়কত চাঞ্চল্য

বৰপেটাৰোডৰ শ্মশান চৌহদৰ এটি পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী মিচিং গাঁৱৰ সমীপৰ এখন বিলত উদ্ধাৰ হয় নীলা চাৰ্ট পৰিধান কৰা এটা উৱলি যোৱা মৃতদেহ ৷

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সম্পৰ্ক

তেতিয়া ইংৰাজৰ বিৰুদ্ধে যুঁজত নামিছিল ভাৰতৰ জনতা । সকলোৱেই একো একোটা বিশেষ ভূমিকা পালন কৰি স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰিছিল । জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলেও এই সংগ্ৰামত উল্লেখনীয় অৱদান আগবঢ়াইছিল । ডাঃ মুখতাৰ আহমেদ আনছাৰী আৰু হাকীম আজমল খানে স্বাধীনতা সংগ্ৰামীসকলক চিকিৎসা সাহায্য প্ৰদান কৰিছিল । বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্যসকলে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল ।

পৰিভ্ৰমী ফেলকন পক্ষীৰ আগমনক লৈ কাৰ্বি-আংলঙত পালন কৰা হ’ব উৎসৱ

পৰিভ্ৰমী পক্ষী আমুৰ ফেলকনে পক্ষী প্ৰেমী সকলৰ মাজত কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷ পশ্চিম কাৰ্বি আংলঙৰ মুছলদেঙত আমুৰ ফেলকন মহোৎসৱৰ প্ৰস্তুতি কেএছএ আৰু ফ'ৰ ছিজন ফাউণ্ডেছনৰ ৷

গৌৰিসাগৰত দিখৌৰ পাৰ কুৰুকিছে ভূ-মাফিয়াই

মাটি দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সৰৱ ভূমিকা গ্ৰহণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত অব্যাহত আছে ভূ-মাফিয়াৰ অবৈধ মাটি খনন ৷ গৌৰীসাগৰৰ নকটানিত দিখৌ নদীৰ কাষত ভূ-মাফিয়াই এক্সেভেটৰ লগাই অবৈধ মাটি খনন চলাই আহিছে । দিখৌ নদীৰ বুকুত এনেদৰে ভূ মাফিয়াই চলাই অহা অবৈধ মাটি খননৰ ফলত শংকিত হৈ উঠিছে স্থানীয় লোকসকল ।

শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত প্ৰচণ্ড মাৰপিট পালেগৈ Social Media

ডিব্ৰুগড়ৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত সংঘটিত প্ৰচণ্ড মাৰপিটৰ দৃশ্য চ’ছিয়েল মেডিয়াত ভাইৰেল ৷ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.