কলিয়াবৰ-ছয়গাঁৱত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Oct 31, 2021, 10:56 AM IST

Updated : Oct 31, 2021, 1:11 PM IST

Operation Against Liquor at Night
কলিয়াবৰ জব্দ অবৈধ সুৰা ()

শনিবাৰে কলিয়াবৰ আৰু ছয়গাঁৱত অবৈধ সুৰা তথা গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু গাঞ্জা ৷

কলিয়াবৰ/ ছয়গাঁও, 31 অক্টোবৰ : অবৈধ সুৰাৰ ব্যাপক প্ৰচলন অব্যাহত আছে কলিয়াবৰত ৷ কিন্তু কলিয়াবৰবাসীৰ অভিযোগ, কলিয়াবৰত সাৰ-সুৰহীন ভূমিকা পালন কৰিছে আবকাৰী বিভাগে ৷ নিধিৰাম চৰ্দাৰৰূপী বিয়াগোম বিভাগটোৰ দায়িত্ব পালন কৰিছে মহকুমা আৰক্ষী প্ৰশাসনে ৷ আবকাৰী বিভাগৰ ছত্ৰছায়াতে কলিয়াবৰত সূলভ হৈ পৰিছে বিদেশী সুৰাৰ অবৈধ বেহা ৷

শনিবাৰে নিশা মহকুমা দণ্ডাধীশক লগত লৈ কলিয়াবৰ আৰক্ষীৰ সহযোগত উলুৱনী আৰক্ষীয়ে চলাই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ একাংশ হোটেল, ধাবাৰ লগতে অবৈধ সুৰা ব্যৱসায়ীৰ ঘৰতো চলিল আৰক্ষীৰ এই অভিযান ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ সুৰাৰ বটল ।

কলিয়াবৰ-ছয়গাঁৱত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আনকি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে সুৰা ব্যৱসায়ৰ লগত জড়িত দুজন ব্যক্তিক ৷

উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই প্ৰকাশ কৰা অনুসৰি, উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জাণ্টু নামৰ অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰত বিক্ৰীৰ বাবে মজুত কৰি থোৱা হৈছিল বৃহৎ পৰিমাণৰ বিদেশী সুৰা ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ এই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে জাণ্টুৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ জালত দুই নকল সোণসহ আটক ব্যৱসায়ী

ইফালে শনিবাৰে নিশা ছয়গাঁও আৰক্ষীয়েও জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লগতে আটক কৰে দুজন গাঞ্জা ব্যৱসায়ীক ৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত জোৰশিমলুৰ চাইদুল ইছলামৰ ঘৰত চলাইছিল অভিযান ৷

Operation Against Liquor at Night
আটক গাঞ্জা ব্যৱসায়ী

এই অভিযানতে আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২‍১ কেজি গাঞ্জা ৷ আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজন হৈছে জোৰশিমলুৰ চাইদুল ইছলাম আৰু ভুলকাবাৰীৰ সাহানুৰ হক । আনকি আৰক্ষীয়ে আটকাধীন ব্যক্তি দুজনৰ পৰা নগদ ১০ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ২ লাখ ১০ হেজাৰ টকা । গাঞ্জাখিনি ব্ৰহ্মপুত্ৰৰ সিপাৰে নিবলৈ প্ৰস্তুতি কৰি থকা অৱস্থাতে ছয়গাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত প্ৰচণ্ড মাৰপিট পালেগৈ Social Media

Last Updated :Oct 31, 2021, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.